কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফিঙ্গকCommon Noun
এছিয়া মহাদেশত পোৱা এবিধ চৰাই৷ ই নীলা-ক’লা বৰণীয়া হয়, দীঘল নেজ থাকে আৰু চকুৰ আগফালে এটা বগা বিন্দু থকা দেখা যায়৷
An Asian bird characterized by glossy blue-black, forked long tail and a white spot in front of the eye.
- ফিঙ্গাCommon Noun
এছিয়া মহাদেশত পোৱা এবিধ চৰাই৷ ই নীলা-ক’লা বৰণীয়া হয়, দীঘল নেজ থাকে আৰু চকুৰ আগফালে এটা বগা বিন্দু থকা দেখা যায়৷
An Asian bird characterized by glossy blue-black, forked long tail and a white spot in front of the eye.
- ফিচকাৰীphicakārīNoun
ফাকুবাত ৰঙীণ পানী মাৰিবলৈ লোবা যতন।
- ফিচাfi.saAbstract Noun
যিকোনো মাছৰ শেষৰ ’V’ আকৃতিৰ পাখি বা কোনো কোনো জন্তুৰ ঠিয় আৰু চেপেটা নেজ ভাগ ৷ বৰ্ত্তমান যুগত এৰোপ্লেন, ৰকেট, চাবমেৰিন আদিৰ পাচফালে বতাহ বা পানীৰ মাজেৰে পোন দিশেৰে গতি কৰিব পৰাকৈ বিশেষ ভাবে তৈয়াৰ কৰি উলিওৱা যন্ত্ৰ বিশেষ ৷
The end limbs of a fish that is used to steer while traveling in water. In the modern age a fin is used to lift or thrust an Airplane, Rocket, Submarine etc. in water or air.
- ফিচাহিনীphicāhinīNoun
পিশাচিনী; যখিনী
a female spirit
- ফিচিঙা-ফিচিঙিphiciṅā-phiciṅiNoun
চকুৰ ভঙ্গীৰে কোনো কথালৈ টোবাই এজনৰ মুখলৈ আনজনে চাই মিচিকা-মিচিক কৰা কাৰ্য্য (নিন্দাত)
exchanging significant glances and smiles
- ফিছাphichāNoun
মাছৰ ফান
the caudal fins of a fish
- ফিজphijaNoun
মাছুল
fees
- ফিজিphi.jiProper Noun
দক্ষিণ প্ৰশান্ত মহাসাগৰৰ এখন দ্বীপৰাষ্ট্ৰ।
Fiji FEE-jee, officially the Republic of Fiji, is an island country in Melanesia in the South Pacific Ocean about 1,100 nautical miles northeast of New Zealand's North Island.
- ফিজিঅথেৰাপীphi.ji.o.the.ra.piCommon Noun
ব্যায়াম, অংগ সঞ্চালন আদিৰ সহায়ত ৰোগৰ উপশম ঘটাবলৈ কৰা চিকিৎসা৷
a treatment of ailments by physical exercises.
- ফিটphiṭaNoun
মূৰ্চ্ছা
fainting
- ফিটকিৰিphit.ki.riMaterial Noun
এলুমিনিয়ামৰ এমোনিয়াম দ্বি-চালফেট; এক বগা স্ফটিক
a white crystalline double sulfate of aluminum: the ammonium double sulfate of aluminum
- ফিটনphiṭanaNoun
ওপৰখন খুলিব পৰা চাৰিচকীয়া ঘোঁৰাগাড়ী-বিশেষ
phaeton
- ফিটাপেলুphi.ta.pe.luCommon Noun
A tape or ribbon type parasite that find hosts in human beings and other vertebrates.
- ফিট্কিৰীphiṭkirīNoun
স্বাভাবিকতে হোবা এবিধ খাৰ আৰু টেঙা গুণ থকা পদাৰ্থ [পানী নিৰ্ম্মল কৰাত, কাপোৰ বোলোবাত আৰু অনেক কামত ব্যবহাৰ হয়।]
alum
- ফিডেল কাষ্ট্ৰোphi.del kas.tro`Proper Noun
কিউবাৰ বিপ্লবী ৰাজনীতিবিদ আৰু একনায়ক৷ ৪৭(১৯৫৯-২০০৬) বছৰ যুৰি কিউবাৰ সৰ্বাধিনায়ক আছিল৷ ২০১৬ চনত মৃত্যু বৰণ কৰে৷
Fidel Alejandro Castro Ruz was a Cuban politician and revolutionary who governed the Republic of Cuba for 47 years as Prime Minister from 1959 to 1976 and then as President from 1976 to 2006.
- ফিতাphitāNoun
কাপোৰৰ নিচিনাকৈ বোবা চেপেটা জৰী
a tape; a ribbon
- ফিতাহিphitāhiNoun
নিজক ডাঙৰ দেখুওবা কাৰ্য্য; ভেম; অহঙ্কাৰ প্ৰকাশ; ফুটনি
show of greatness or pride; vanity
- ফিতাহীphi.ta.hiAbstract Noun
মইবৰ ভাৱ বা অতিমাত্ৰা আত্মগৌৰৱ।
Aggressively assertive or overbearingly confident.
- ফিতৌAbstract Noun
নিজক ডাঙৰ দেখুৱাবলৈ কৰা কাৰ্য্য ।
showy display which is intended to impress.