কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছায়াগ্ৰাহীchāẏāgrāhīNoun
ওপৰেদি যোবা জন্ত্তৰ ছাঁ দেখিলে তাক আকৰ্ষণ- শক্তিৰে টানি আনি খোবা প্ৰাণী-বিশেষ; আষাৰিকা।
- ছায়াত্মজsa.yat.mojProper Noun
সূৰ্য্যৰ পৰা দূৰত্বৰ ষষ্ঠ স্থানত থকা গ্ৰহ, যাৰ বিষুৱীয় দৈৰ্ঘ্য ৭৪,৬০০ মাইল (১,২০,০০০ কিলোমিটাৰ), সূৰ্য্যৰ পৰা গড় দূৰত্ব ৮৮৬.৭ নিযুত মাইল (১৪২৭ নিযুত কিলোমিটাৰ), সূৰ্য্যক প্ৰদক্ষিণ কৰিবলৈ লগা সময় ২৯.৪৬ বছৰ আৰু যাৰ ২১ টা উপগ্ৰহ আছে ৷ বৰফৰ ক্ষুদ্ৰ কণাৰে নিৰ্মিত এলানি ঠেক, চেপেটা আঙঠিৰে আৱৰা ই সৌৰজগতৰ দ্বিতীয় বৃহত্ গ্ৰহ৷
the planet sixth in order from the sun, having an equatorial diameter of 74,600 mi. (120,000 km), a mean distance from the sun of 886.7 million mi. (1427 million km), a period of revolution of 29.46 years, and 21 known moons. It is the second largest planet in the solar system, encompassed by a series of thin, flat rings composed of small particles of ice.
- ছায়াপথchāẏāpathaNoun
হাতীপটি।
- ছায়াবাজীchāẏābājīNoun
ছায়া-ভাওনা; কোনো বস্ত্তৰ আকৱতিৰ ছাঁটো কাপোৰৰ ওপৰত পেলাই দেখুওবা বিদ্যা।
- ছায়ামূৰ্তিchāẏāmūrtiNoun
অশৰীৰী ৰূপ
apparition
- ছায়ামূৰ্ত্তিchāẏāmūrttiNoun
অশৰীৰী ৰূপ
apparition
- ছায়াসুতsa.ya.xutProper Noun
সূৰ্য্যৰ পৰা দূৰত্বৰ ষষ্ঠ স্থানত থকা গ্ৰহ, যাৰ বিষুৱীয় দৈৰ্ঘ্য ৭৪,৬০০ মাইল (১,২০,০০০ কিলোমিটাৰ), সূৰ্য্যৰ পৰা গড় দূৰত্ব ৮৮৬.৭ নিযুত মাইল (১৪২৭ নিযুত কিলোমিটাৰ), সূৰ্য্যক প্ৰদক্ষিণ কৰিবলৈ লগা সময় ২৯.৪৬ বছৰ আৰু যাৰ ২১ টা উপগ্ৰহ আছে ৷ বৰফৰ ক্ষুদ্ৰ কণাৰে নিৰ্মিত এলানি ঠেক, চেপেটা আঙঠিৰে আৱৰা ই সৌৰজগতৰ দ্বিতীয় বৃহত্ গ্ৰহ৷
the planet sixth in order from the sun, having an equatorial diameter of 74,600 mi. (120,000 km), a mean distance from the sun of 886.7 million mi. (1427 million km), a period of revolution of 29.46 years, and 21 known moons. It is the second largest planet in the solar system, encompassed by a series of thin, flat rings composed of small particles of ice.
- ছাৰ চাৰ্লছ স্পেনচাৰ চেপলিনsar sarls spen sar sep.linProper Noun
(১৬ এপ্ৰিল ১৮৮৯-২৫ ডিচেম্বৰ ১৯৭৭ ) ঘাইকৈ অবাক চলচ্চিত্ৰ যুগৰ এজন ইংৰাজ হাস্য অভিনেতা, চলচ্চিত্ৰ নিৰ্দেশক আৰু সংগীত পৰিচালক৷ প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত তেওঁৰ কৰ্মৰাজী সমগ্ৰ পৃথিৱীতে প্ৰখ্যাত হৈ পৰে৷ মাইম, শ্লেপষ্টিক আৰু অন্যান্য দৃশ্যগত হাস্য কৌশল ৰ বাবে জনাজাত হৈ পৰে৷
(16 April 1889 – 25 December 1977) An English comic actor, filmmaker, and composer who rose to fame in the silent era. Chaplin became a worldwide icon through his screen persona "the Tramp" and is considered one of the most important figures in the history of the film industry.
- ছাৰীchārīNoun
নীৰ তিৰোতা; যেনে-"আলখনী ছাৰীক ৰাখিয়া কিবা আৰ" (মা. ক., সুন্দৰাকাণ্ড)।
- ছাৰেংchāremNoun
সৰু সৰু জাহাজৰ কৰ্ম্মচাৰীবিলাকৰ ওপৰত প্ৰধান বিষয়া
a serang
- ছাৰ্ক’প্লাজমNoun
পেশীপ্লৱ, ছাৰ্ক’প্লাজম
পেশীপ্লৱ, ছাৰ্ক’প্লাজম
- ছাৰ্টchārṭaNoun
কামিজ।
shirt
- ছাৰ্ভেchārbheNoun
মাটি জৰিপ কৰা কাৰ্য্য।
survey
- ছাৱ-পুতাইsaw-pu.taiCommon Noun
যাৰ দ্বাৰা বংশ ৰক্ষা হয়, এতেকে কোনো ব্যক্তিৰ উত্তৰসূৰী ল`ৰা বা ছোৱালী
The immediate descendants of a person.
- ছিঁয়াchim̐ẏāNoun
এবিধ অসমীয়া গীত; যেনে-"ভৈলা হে মন তই কিনো অদভূত ভৈলা। (হে মন তই কিনো অদভূত ভৈলা)। লাউ তল গৈলা শিল উপঙ্গিলা। শ্যাম নাবে দিলা ভৰা।"
a kind of Assamese song
- ছিঁৰালchim̐rālaNoun
পকিলে ফাট বা ছিৰা মেলা আৰু সোবাদ হোবা এবিধ খেতিত হোবা তিঁয়হ জাতিৰ ফল
a kind of sweet melon; cucumismelo
- ছিকিমProper Noun
ভাৰতৰ হিমালয় অঞ্চলৰ এখন ৰাজ্য৷ নেপালৰ পূবত৷
A Himalayan state in India. Eastern border of Nepal.
- ছিখলাsi.kho.laCommon Noun
বিয়া নোহোৱা আৰু যৌন মিলন নোহোৱা ছোৱালী৷
An unmarried young girl who has never had sex.
- ছিগনেলAbstract Noun
অৰ্থৰ ক্ষেত্ৰত সহমতৰ ভিত্তিত ব্যৱহৃত শব্দৰে, অঙ্গি-ভঙ্গিৰে বা লিখিত ৰূপত প্ৰকাশ কৰা কোনো চিহ্ন
sound, gesture or written symbol with an agreed upon meaning
- ছিগা-ছিগিchigā-chigiNoun
এৰা-এৰি।