কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাঁহাকাৰhām̐hākāraNoun
কোনো অভাব বা বিপদত পৰি দুখ বেজাৰ প্ৰকাশ কৰা মাত
a cry of distress
- হাঁহিNoun
হঁহা কাৰ্য্য
act of laughing; laugh; laughter
- হাঁহিhām̐hiNoun
হঁহা কাৰ্য্য।
- হাঁহি-ধেমালিAbstract Noun
হাঁহি অথবা আনন্দ যোগাব পৰা কোনো বস্তু; আনন্দ যোগোৱা কাৰ্য্য
something that provides mirth or amusement; the act of giving pleasure
- হাঁহি-মুখhām̐hi-mukhaNoun
হাঁহি থকা মুখ; আনন্দিত মুখ
a smiling face
- হাঁহিয়াতhām̐hiẏātaNoun
অখ্যাতি; নিন্দা; কুনাম
ridicule
- হাঁহিয়াতৰ পাত্ৰhām̐hiẏātara, pātraNoun
বিদ্ৰূপৰ পাত্ৰ
a laughing stock
- হাঁহোনha~.ho`nAbstract Noun
দাঁত উলিয়াই শব্দ কৰি কৰা আনন্দ ।
A movement (usually involuntary) of the muscles of the face, particularly of the lips, with a peculiar expression of the eyes, indicating merriment, satisfaction, or derision, and usually attended by a sonorous and interrupted expulsion of air from the lungs.
- হাঁড়-সাৰCommon Noun
জন্তুৰ হাঁড় গুড়ি কৰি প্ৰস্তুত কৰা এক কচাইখানাৰ পেলনীয়া দ্ৰৱ্য যাক কেলচিয়াল আৰু ফছফৰাছ যোগান ধৰিবলৈ পশু-খাদ্যৰূপে অথবা জৈৱিক সাৰ ৰূপে ব্যৱহাৰ কৰা হয়৷
a mixture of ground animal bones and slaughterhouse waste products used as a dietary supplement to supply calcium and phosphorus to livestock in or as an organic fertilizer
- হাংগেৰিhang.ge.riProper Noun
মধ্য ইউৰোপৰ এখন দেশ।
Hungary is a landlocked country in Central Europe. It is situated in the Carpathian Basin and is bordered by Slovakia to the north, Ukraine and Romania to the east, Serbia and Croatia to the south, Slovenia to the southwest and Austria to the west.
- হাংগৰhang.gorCommon Noun
হাংগৰ হ’ল সাগৰৰ প্ৰাণী৷ হাংগৰবোৰ অতি ভয়ানক আৰু সেইবাবে সিহঁতক দানৱ আখ্যাও দিয়া হয়৷ হাংগৰ থাকে সাগৰ-মহাসাগৰত৷ সাগৰত ২৫০ বিধমান হাংগৰ পোৱা যায়৷ সিঁহতৰ আকাৰ আৰু ৰং বেলেগ বেলেগ৷ আটাইতকৈ ডাঙৰ আকাৰৰ হাংগৰবোৰ ১৬ মিটাৰমান ডাঙৰ আৰু ১২০০ কিল’গ্ৰাম মানলৈকে ওজন হয়৷ আটাইতকৈ সৰু হাংগৰবিধ মাত্ৰ ৩০ চেণ্টিমিটাৰ দীঘল৷
Sharks are a group of fish characterized by a cartilaginous skeleton, five to seven gill slits on the sides of the head, and pectoral fins that are not fused to the head.
- হাইhāiNoun
ডাঙৰ ডাঙৰকৈ কোবা কথা বা দন্দৰ শব্দ
a loud voice; a clamour; a noise
- হাই-উৰুমিNoun
কোৰ্হাল; গোলমাল
a loud noise or quarrel
- হাই-কন্দলhai-kon.dolAbstract Noun
ৰাজনৈতিক, আৰ্থিক, সামাজিক বা ব্যক্তিগত কাৰণত শত্ৰুতা কৰা অৱস্থা বা কাৰ্য্য, সাধাৰণতে শাৰীৰিক হিংসা অবিহনে।
A state or act of enmity for political, economic, or social reasons usually without physical violence.
- হাই-হুইNoun
হুবা-দুবা; হাই-উৰুমি
loud noise; bustle
- হাইকমাণ্ডhai.ko.mandCommon Noun
কোনো দল-সংগঠনৰ ক্ষমতাসম্পন্ন শীৰ্ষ বিষয়া৷
The most powerful leaders of an organization.
- হাইকুhai.kuAbstract Noun
এবিধ তিনিশৰীয়া জাপানী কবিতা| প্ৰথম শাৰীত পাঁচটা, দ্বিতীয় শাৰীত সাতটা আৰু তৃতীয় শাৰীত পাঁচটা শব্দাংশ থাকে|
a Japanese poem of 17 syllables in three lines of five, seven and five syllables respectively. It is a kind of miniature snap in words
- হাইক’ৰ্টhai.ko’’rtCommon Noun
কোনো ৰাজ্যৰ মুখ্য ন্যায়ালয়
the highest court of law in a state below the supreme court of a country
- হাইগ্ৰ’মিতিhai.gro.mi.tiAbstract Noun
বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ অধ্যয়ন।
The Science which deals with dampness of Air.
- হাইচ-লাইচ্hāica-lāicNoun
ৰেং-ধেমালি
merriment