কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ও’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ওৱাৰo’.warMaterial Noun
লেপ, তুলী আদিৰ ওপৰত পুনৰ ঢাকি ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰা কাপোৰ৷
a piece of clothe to cover quilt, mattress, or cushion.
- ওৱাৰিo’.wa.riMaterial Noun
ৰজা, মহাৰজাসকলৰ ডাঙৰ আট্টালিকা৷
the official residence of a king, queen, bishop, or other sovereign or exalted personage
- ওৱাৰিচo`.wa.risCommon Noun
মৃত্যুৰ পিছত আনৰ সম্পত্তি আইনগতভাৱে লাভ কৰা ব্যক্তি৷
a person who inherits or has a right of inheritance in the property of another following the latter's death.
- ওৱাৰেণ্টিo`.wa.ren.tiAbstract Noun
কোনো কোম্পানীয়ে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ সময়ত গ্ৰাহক নিদিষ্ট সময়ৰ ভিতৰত সামগ্ৰীটো বেয়া হ’লে কোনো ধৰণৰ অৰ্থ নোলোৱাকৈ তাক ভাল কৰি দিবলৈ বা সলনি কৰি দিবলৈ প্ৰদান কৰা অঙ্গীকাৰ৷
A guarantee given to the purchaser by a company stating that a product is reliable and free from known defects and that the seller will, without charge, repair or replace defective parts within a given time limit and under certain conditions.