কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তিলিকতেti.li.ko.teAdverb
কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
within a short period after a given event.
- তিল্ তিল্কৈtil.til.koiAdverb
এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।
from one stage to the next in sequence.
- তিষ্ঠি থাক্ts.thi thakVerb-Intran.
জীৱন অব্যাহত ৰাখ্
to be alive; to continue life
- তিষ্ঠ্tiṣṭhIntransitive verb
থাক্; বাস কৰ্; জীয়াই থাক্
to live
- তিৎtitIntransitive verb
আৰ্দ্ৰ হ; পানী লাগি সেমেক্
to be wet
- তিয়াtiẏāTransitive verb
আৰ্দ্ৰ কৰ্; ভিজা; . কৱদ
to soak in water
- তিৰবিৰাIntransitive verb
জিলিক্; জিল্মিলা
to sparkle
- তিৰস্কাৰ কৰ্ti.ros.kar korVerb-Trans.
তীব্ৰ বেয়া পোৱা ভাৱ প্ৰকাশ কৰা
to express utter disapproval of
- তিৰিক্ti.rikVerb-Trans.
সৰু ল`ৰা-ছোৱালীয়ে কমকৈ মলত্যাগ কৰা কাৰ্য৷
to defecate in small quantities normally by small child or infants.
- তিৰ্কঁপেtirkam̐peAdverb
বৰকৈ কঁপি (জ্বৰ্ উঠ্)
greatly shivering
- তিৰ্যক দৃষ্টিtir.jok dirs.tiVerbal Noun
পোনে পোনে নেচাই বেঁকাকৈ চকুৰ কোণৰ ফালে চোৱা দৃষ্টি |
A glance directed to the side; an oblique or sideways look
- তীকি মাৰ্ti.ki marVerb-Intran.
দূৰত থকা মানুহক উকি মাৰি মাত
to call to a person at a distance.
- তীকিয়াti.ki.yaVerb-Intran.
দূৰত থকা মানুহক উকি মাৰি মাত
to call to a person at a distance.
- তীক্ষ্ণতৰ কৰtikh.no.tor korVerb-Trans.
to make sharper so as to cut more effectively.
- তীক্ষ্ণতৰ হtikh.no.tor hoVerb-Intran.
to become finer at the edge so as to cut more effectively.
- তীৰ্য্যকভাৱেtir.jyok.bha.beAdverb
কোনো কথাত পৰোক্ষভাৱে মন্তব্য দিয়া বা কাৰোবাক বেঁকাকৈ চোৱা
To give some comments indirectly, to look at somebody indirectly. To have an indirect reference or inclination.
- তুংতুঙাtung.tu.ngaVerb-Trans.
তোষামোদ কৰি বা ভাল লগা কথা কৈ আকৰ্ষিত কৰ্
to attract or tempt by something flattering or desirable
- তুংতুঙ্গনিtung.tungo.niVerbal Noun
মিঠা কথাৰে ভুলোৱা বা মিছা আশা দেখুৱাই বেয়া কামত প্ৰবৃত্ত কৰোৱা কাৰ্য্য।
The act of enticing a person to do something wrong.
- তুংতূঙাtuntūṅāTransitive verb
মিঠা কথাৰে ডাঙৰ কৰ্; কোমল কথাৰে ভুলা; মিছা প্ৰশংসা কৰি উঠঙা; উলমূলা
to coax; to allure
- তুচ্ছজ্ঞান কৰ্tus.so.gyan korVerb-Trans.
Fail to care for or not paying any attention