কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘাতিনীFeminine; Noun
ঘাতন বধ বা নষ্ট কৰা কাৰ্য্য
the act of killing or destroying
- ঘাতীgha.tiCommon Noun
ইচ্ছাকৃত আৰু বেআইনী ভাৱে আনৰ মৃত্যু ঘটোৱা লোক।
One who intentionally and unlawfully kills another human being.
- ঘানাgha.naProper Noun
পশ্চিম আফ্ৰিকাৰ এখন দেশ৷
Ghana is a country in west Africa. Ghana was the first place in sub-Saharan Africa where Europeans arrived to trade - first in gold, later in slaves.
- ঘানিgha.niMaterial Noun
সৰিয়হ, তিল আদিৰ দৰে তৈল শস্যৰ পেৰি তেল উলিওৱা যতন৷
A mill used to extract oil from mustard seed, sesamum etc.
- ঘানীghānīNoun
তেল পেৰা কল বা যন্ত্ৰ
an oilmill
- ঘাপghāpaNoun
দা আদি অস্ত্ৰেৰে কৰা আঘাত।
- ঘাবghābaNoun
ঘা।
- ঘামghāmaNoun
তাপ বা জহৰ কাৰণে গাৰপৰা তলোবা পানী বা ৰস
perspiration
- ঘাম-কালghāma-kālaNoun
গ্ৰীষ্ম-কাল; জহ-কাল; জহৰ দিন
the hot season
- ঘাম-কালিghāma-kāliNoun
গ্ৰীষ্ম-কাল; জহ-কাল; জহৰ দিন
the hot season
- ঘাম-গাঁড়ghāma-gām̐ṛaNoun
তাপৰপৰা হোবা এবিধ খহু
a kind of boil
- ঘাম-গাঁৰghāma-gām̐raNoun
তাপৰপৰা হোবা এবিধ খহু
a kind of boil
- ঘামকালgham.kalAbstract Noun
বছৰটোৰ ভিতৰত সৰ্ব্বোচ্চ বায়ুমণ্ডলীয় উষ্ণতা বিৰাজ কৰা ঋতু, উত্তৰ গোলাৰ্দ্ধত জুন-জুলাই মাহত
the season when the temperature is the highest in the year, i.e. June-July in the Northern hemisphere
- ঘামকালিgham.ka.liAbstract Noun
বছৰটোৰ ভিতৰত সৰ্ব্বোচ্চ বায়ুমণ্ডলীয় উষ্ণতা বিৰাজ কৰা ঋতু, উত্তৰ গোলাৰ্দ্ধত জুন-জুলাই মাহত
the season when the temperature is the highest in the year, i.e. June-July in the Northern hemisphere
- ঘামচিghāmaciNoun
ঘামৰপৰা গাত হোবা সৰু সৰু ফুটফুটীয়া ফোঁহা
prickly heat
- ঘামৰুলgham.rulCommon Noun
তিঞহ জাতিৰ এবিধ গুটি ৷ ই দেখাত প্ৰায়ে কণীটোৰ আকৃতিৰ আৰু গাত বগা আঁক টনা আছে ৷
A oval shaped wild cucurbitaceous fruit and its plant .
- ঘালীghālīNoun
-বধ কৰোঁতা; বধী; যেনে-"বালী-বানৰ-ঘালী" (বৰগীত)
one who kills; a destroyer
- ঘাসবিজ্ঞানAbstract Noun
ঘাঁহ-বন সম্পৰ্কে কৰা অধ্যয়ন
study of grass
- ঘাহghahCommon Noun
ঠেক পাতৰ সেউজীয়া উদ্ভিদ, যাক চৰণীয়া জীৱ-জন্তুৰ খাদ্য হিচাপে সেউজীয়া বা শুকান অৱস্থাত ব্যৱহাৰ কৰা হয়
narrow-leaved green herbage: grown as lawns; used as pasture for grazing animals; cut and dried as hay
- ঘাড়Common Noun
মানুহ বা জন্তুৰ শৰীৰৰ যিটো অংশই মূৰ আৰু দেহাৰ বাকী অংশক সংযোগ কৰে
The part of the body of an animal or human being that connects the head and the trunk.