কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ন্যাসপালnyax.palCommon Noun
ন্যাসত নিয়োজিত ধন-সম্পত্তিৰ ন্যায়িক দায়িত্ব পালন কৰা ব্যক্তি বা সংগঠন
a person or an organization who/which holds (i.e. has legal control of) money or property that has been put into a trust for somebody; a member of a group of people who controls fiancial afairs of an organization.
- ন্যাসৰক্ষকnyax.ro.khyokCommon Noun
ন্যাসত নিয়োজিত ধন-সম্পত্তিৰ ন্যায়িক দায়িত্ব পালন কৰা ব্যক্তি বা সংগঠন
a person or an organization who/which holds (i.e. has legal control of) money or property that has been put into a trust for somebody; a member of a group of people who controls fiancial afairs of an organization.
- ন্যায় দৰ্শনnyay dor.xonAbstract Noun
ভাৰতীয় আস্তিক দৰ্শনক ছটা ভাগত ভগোৱা হৈছে, ক্ৰমে- ন্যায়, বৈশেষিক, সাংখ্য, যোগ, পূৰ্ব মীমাংসা আৰু উত্তৰ মীমাংসা বা বেদান্ত দৰ্শন৷
The Nyaya school is based on the Nyaya Sutras, written by Aksapada Gautama in the 2nd Century B.C. Its methodology is based on a system of logic that has subsequently been adopted by the majority of the Indian schools, in much the same way as Aristotelian logic has influenced Western philosophy. Its followers believe that obtaining valid knowledge (the four sources of which are perception, inference, comparison and testimony) is the only way to gain release from suffering. Nyaya developed several criteria by which the knowledge thus obtained was to be considered valid or invalid (equivalent in some ways to Western analytic philosophy).
- ন্যায়-নিষ্ঠাnyay-nis.thaAbstract Noun
যুক্তি অনুসাৰে আৰু ন্যায়-সংগত ভাৱে কাম কৰা গুণ বা স্বভাৱ
the quality or state of being just or rightful
- ন্যায়-শাস্ত্ৰNoun
বিচাৰ-শাস্ত্ৰ; তৰ্ক-শাস্ত্ৰ; . গৌতম মুনিয়ে কৰা দৰ্শন শাস্ত্ৰ
logic ; a particular system of Hindu philosophy
- ন্যায়-সোধাNoun
যুক্তিমতে সত্য বিচাৰ কৰোঁতা; বিচাৰক।
- ন্যায়পালিকাnyay.pa.li.kaAbstract Noun
ৰাষ্ট্ৰৰ ন্যায় ব্যৱস্থা
The justice system of a state
- ন্যায়পৰতাnyay.po.ro.taAbstract Noun
যুক্তি অনুসাৰে আৰু ন্যায়-সংগত ভাৱে কাম কৰা গুণ বা স্বভাৱ
the quality or state of being just or rightful
- ন্যায়পৰায়ণতাnyay.po.ra.yo.no.taAbstract Noun
যুক্তি অনুসাৰে আৰু ন্যায়-সংগত ভাৱে কাম কৰা গুণ বা স্বভাৱ
the quality or state of being just or rightful
- ন্যায়মূৰ্তিnyay.mur.tiCommon Noun
বিচাৰ কৰোঁতা, বিবেচনা কৰোঁতা
A public official authorized to decide questions bought before a court of justice
- ন্যায়শাস্ত্ৰnyay.xas.troAbstract Noun
যুক্তিসঙ্গতভাৱে কোনো এটা বিষয় ফহিয়াই দেখুওৱা শাস্ত্ৰ৷
The art and science of reasoning, especially of the structure of propositions as distinguished from their content and of method and validity in deductive reasoning.
- ন্যায়াধিকৰণnyāẏādhikaraṇaNoun
ন্যায়ালয়।
- ন্যায়াধিকৰ্তাnya.ya.dhi.kor.taCommon Noun
দেৱানী আদালতৰ নিম্ন পদবীধাৰী বিচাৰক
a subordinate judicial officer
- ন্যায়াধীশNoun
বিচাৰপতি
judge
- ন্যায়াধীশবৰ্গAbstract Noun
ৰাষ্ট্ৰৰ ন্যায় ব্যৱস্থা
The justice system of a state
- ন্যায়ালয়nyāẏālaẏaNoun
বিচাৰালয়
court of law
- ন্যায়িক তদন্তAbstract Noun
An investigation on the basis of law carried out by official judges.
- ন্যায়ৰত্নNoun
ন্যায়- শাস্ত্ৰ জনা পণ্ডিতৰ উপাধি
a title given to a scholar versed in Hindu logic
- ন্যুনতাnyu.no.taAbstract Noun
ঋণাত্মক অৱশেষ হাতত থকা অৱস্থা।
the state of being in negative balance.
- ন্যূনকৰকMaterial Noun
কোনো ব্যক্তি বা বস্তু, যি কিহবাৰপৰা হোৱা বিষ বা আন প্ৰভাৱৰ প্ৰাবল্য কম কৰে
a person or thing that reduces pain or intensity of some effect