কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কামিতাAbstract Noun
যৌন সম্পৰ্কীয় অথবা যৌন ক্ষমতা ৷
The quality or state of being distinguished by sex.
- কামিনীkāminīNoun
ৰুপবতী মাইকী
a beautiful woman
- কামিহাড়ka.mi.harAbstract Noun
বুকুখনক ৰক্ষা কৰি থকা, ৰাজহাড়ৰৰ সৈতে সংযুক্ত, যুৰীয়া, বেঁকা হাড়
Each of the curved bones joined to the spine in pairs and protecting the chest
- কামীkāmīNoun
সৰু-সৰুকৈ চাঁচি লোবা দীঘল বাঁহৰ চিৰা
a long narrow piece of split bamboo
- কামী-হাড়kāmī-hāṛaNoun
ৰাজহাড়ৰপৰা বুকুৰ দুফালে বেৰি থকা কামিৰ নিচিনা চেপেটা হাড়
a rib
- কামুকkāmukaAdjective
কামাতুৰ; কামাৰ্ত্ত
passionate
- কামেং নদীProper Noun
কামেং নদী (পূৰ্বৰ নাম ভৰলী নদী), ব্ৰহ্মপুত্ৰ নদীৰ এখন উল্লেখযোগ্য উপনৈ৷ ই অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ গৌৰী ছেন পৰ্বতৰ এটা হিমবাহৰ পৰা কামেং নদীৰ উৎপত্তি হৈছে৷ বৰ্তমান ই অৰুণাচল প্ৰদেশত কামেং নদী আৰু অসমত জীয়া ভৰলী বুলি জনা যায়৷ কামেং নদীৰ দৈৰ্ঘ্য প্ৰায় ২৬৪ কিঃমিঃ (১৬৪ মাইল)
A tributary of Brahmaputra coming from Arunachal Himalaya flowing through Sonitpur district of Assam
- কামেচ্ছাVerbal Noun
তিৰোতাৰ মতাৰে অথবা মতাৰ তিৰোতাৰে সৈতে বাস কৰিবৰ প্ৰবল ইচ্ছা|
Uncontrolled or illicit sexual desire or appetite.
- কামেশ্বৰkāmeśbaraNoun
কাম-শক্তি বঢ়োবা এবিধ ঔষধ
a kind of approdysiac
- কামোদkāmodaNoun
এটা ৰাগৰ নাম
a melody in music
- কামোদ্ৰেকVerbal Noun
তিৰোতাৰ মতাৰে অথবা মতাৰ তিৰোতাৰে সৈতে বাস কৰিবৰ প্ৰবল ইচ্ছা|
Uncontrolled or illicit sexual desire or appetite.
- কামোন্মভতাVerbal Noun
তিৰোতাৰ মতাৰে অথবা মতাৰ তিৰোতাৰে সৈতে বাস কৰিবৰ প্ৰবল ইচ্ছা|
Uncontrolled or illicit sexual desire or appetite.
- কামোৰkāmoraNoun
দংশন; দাঁত বা শুং আদি সুমাই অনিষ্ট কৰা বা ঘা লগোবা; দাঁতেৰে কৰা আঘাত
bite
- কামোৰণিNoun
পেট, মূৰ আদিৰ বিষ বা বেদনা
pain; ache
- কাম্বাংkam.bangMaterial Noun
ৰাভা মহিলাই বুকুত মেৰিয়াই লোৱা কাপোৰ ।
a wrapper worn on the breast by the Rabha women.
- কাম্বোদিয়াkam.bo`.di.yaProper Noun
দক্ষিণ পূব এচিয়াৰ এখন দেশ৷
Cambodia, officially known as the Kingdom of Cambodia and once known as the Khmer Empire, is a country located in the southern portion of the Indochina Peninsula in Southeast Asia.
- কাম্যক-বনkāmyaka-banaNoun
সৰস্বতী নৈৰ পাৰত থকা এখন হাবি [ইয়াতে পঞ্চপাণ্ডব অনেক দিন আছিল।]।
- কামৰ পালka.mor palAbstract Noun
কৰিবলগীয়া কাম
an act one obligated to do
- কামৰাkāmarāNoun
কেঁকোৰা; ছৈ ধৰা ছিটিকা বহুবাবলৈ নাবৰ বাৰত লগোবা চুঙাৰ খুঁটি
a bamboo-joint fixed on to the side of a boat to support the cover
- কামৰূপkāmarūpaNoun
আধুনিক অসমৰ এখন জিলা
the district of Kamrup