কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কামচৰাইkam.so.raiCommon Noun
পিঠিত সেউজীয়া ৰঙৰ পাখি থকা আৰু বিশেষকৈ ৰঙা ঠোঁট-যুক্ত এবিধ চৰাই।
A bird with a green back and best recognized by its bright red beak.
- কামজিৎCommon Noun
ইন্দ্ৰিয় সুখ দমন কৰোঁতা
one who has total control on his passions
- কামজ্বৰVerbal Noun
তিৰোতাৰ মতাৰে অথবা মতাৰ তিৰোতাৰে সৈতে বাস কৰিবৰ প্ৰবল ইচ্ছা|
Uncontrolled or illicit sexual desire or appetite.
- কামতন্ত্ৰProper Noun
বিপৰীত লিঙ্গৰ মাজত, বিশেষকৈ মানুহৰ ক্ষেত্ৰত, হোৱা যৌন-ক্ৰিয়া বিষয়ক জ্ঞান বা অধ্যয়ন
the study of sex or of the interaction of the sexes especially among human beings
- কামতাল উৰহীkam.tal u.ro.hiCommon Noun
দীঘম ছেঁইৰ ভিতৰত গুটি ধৰা এবিধ মাহ-জাতীয় উদ্ভিদ, যাৰ পাত আৰু গুটি মানুহ আৰু জন্তুৰ আহাৰ হিছাপে ব্যৱহাৰ কৰা হয়৷
a legume which is used for animal fodder and human nutrition, especially in Brazil. It is also the source of concanavalin A.
- কামতাল-উবহীkāmatāla-ubahīNoun
বৰ ডাঙৰ দীঘল ছেঁইৰে এজাতি উৰহী
the sword bean; canavalia cusiformis
- কামদেবkāmadebaNoun; Feminine
পুৰুষৰ প্ৰেমৰ অধিকাৰী দেবতা [হিন্দু শাস্ত্ৰমতে এওঁ ব্ৰহ্মাৰ মানস পুত্ৰ কিন্ত্ত শিবৰ কোপত ভস্ম হৈ আকৌ কৱষ্ণৰ ঔৰসত ৰুক্মিণীৰ গৰ্ভত জন্ম লয়; এওঁ অতি সুন্দৰ পুৰুষ আৰু হাতত এখন ধেনু আৰু পাঁচডাল কাঁড় লৈ ফুৰে; সেই শৰ যি তিৰোতা বা পুৰুষলৈ মাৰে সেই তিৰোতা বা পুৰুষ তেতিয়াই বাম-ভাবত অস্হিৰ হয়।]
the Indian Cupid; the god of love
- কামদেৱkam.devProper Noun
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷
Hindu god of love and erotic desire.
- কামদেৱীkam.de.biCommon Noun
হিন্দুশাস্ত্ৰমতে প্ৰেমৰ দেৱতা কামদেৱৰ পত্নী
wife of the Hindu god of love, Kamdev
- কামধেনুkāmadhenuNoun
যিহকে ইচ্ছা কৰা যায় তাকে দিয়া এজনী গাই; সুৰভি; সাগৰ মথোঁতে উঠা এটা বস্ত্ত
a fabulous heavenly cow supposed to yield anything desired
- কামনাkāmanāNoun
ইচ্ছা; বাঞ্ছা; মনোৰথ
desire; wish
- কামপত্নীkam.pot.niCommon Noun
হিন্দুশাস্ত্ৰমতে প্ৰেমৰ দেৱতা কামদেৱৰ পত্নী
wife of the Hindu god of love, Kamdev
- কামপীঠkāmapīṭhaNoun
তেজপুৰৰ জীয়া-ভৰলী নৈ আৰু জলপাইগুৰিৰ ওচৰত থকা মানাহ নৈৰ মাজত থকা দেশ।
- কামপুৰkam.purProper Noun
নগাঁও জিলাৰ কামপূৰৰ ওচৰৰ এখন ঠাই৷
A major place Nagaon district.
- কামবাসনাkam.ba.xo.naAbstract Noun
বিপৰীত লিঙ্গৰ লগত শাৰীৰিক সম্পৰ্ক কৰিবৰ বাবে মনত উৎপন্ন হোৱা সহজাত প্ৰবৃত্তি ৷
sexual instinct or sexual drive.
- কামভাৱkam.bhabVerbal Noun
তিৰোতাৰ মতাৰে অথবা মতাৰ তিৰোতাৰে সৈতে বাস কৰিবৰ প্ৰবল ইচ্ছা|
Uncontrolled or illicit sexual desire or appetite.
- কামলাkam.laCommon Noun
যি ধন বা তেনে কোনো উপাৰ্জনৰ বাবে শাৰীৰিক শ্ৰম কৰে
one who does physical work for money and such other compensation
- কামলিkāmaliNoun
থঙা; কম্বল; এবিধ লোমৰ কাপোৰ
a blanket
- কামলীkāmalīNoun
কমলা বা সুমথিৰা টেঙাৰ বৰণৰ গাই গৰু; যেনে-"কলী কামলী বগী চিতৰী পাৰলী" (বিৰাট-পৰ্ব্ব)
yellowish cow
- কামলেখাkam.le.khaCommon Noun
a woman who engages in sexual intercourse for money