কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নেগুৰneguraNoun
নেজ
a tail
- নেগেৰাne.ge.raMaterial Noun
লাঠিৰে বজোৱা, তলটো গোলাকাৰ এবিধ চামৰাৰ বাদ্য; সাধাৰণতে ধৰ্মীয় অনুষ্ঠানত বজোৱা হয় ৷
a kind of beating leather instrument with a round base beaten by sticks, generally used with religious songs
- নেঘেৰিnegheriNoun
টিপটিপলী; টিপচী চৰাই।
- নেঘেৰি-চৰাইne.gho.ri-so.raiCommon Noun
এবিধ সৰু ছাই বৰণীয়া চৰাই৷
a kind of small grey coloured bird.
- নেঘেৰিটিংne.ghe.ri.tingProper Noun
গোলাঘাট জিলাৰ বুৰঞ্জীমূলক এখন ঠাই৷
A historical place in Golaghat district.
- নেঘেৰী-খোপাnegherī-khopāNoun
মূৰৰ ওপৰলৈ কৰি বন্ধা খোপা; মাজ মূৰত ওখকৈ বন্ধা চুলিৰ খোপা
hair tied in a knot at the top of the head
- নেছকুৰিnechakuriNoun
নুনি গছ।
- নেছাnechāNoun
চেৰেকীত লৈ বা মেৰাই পাছত উলিয়াই বেলেগ বেলেগ মুঠি কৰি ৰখা সূতা
a skein of thread
- নেজnejaNoun
জন্ত্তৰ ৰাজ-হাড়ৰপৰা পাছ ফাললৈ গোটা দীঘল হৈ বাঢ়ি ওলমি পৰা অংশ, নেগুৰ; চৰাইৰ পোকৰৰ ফালৰপৰা দীঘল হৈ গজা পাখি
a tail
- নেজপতা কেৰুnej.po.ta ke.ruMaterial Noun
অসমীয়া মহিলাই পৰিধান কৰা এক প্ৰকাৰৰ পৰম্পৰাগত কাণত পিন্ধা অলঙ্কাৰ৷
A kind of traditional earring worn by Assamese woman.
- নেজাল তৰাnejāla, tarāNoun
ধূমকেতু; এবিধ তৰা
a comet
- নেটিজেনCommon Noun
a person who uses the internet a lot
- নেটৱৰ্কnet.workAbstract Noun
জটিল কাৰ্য্য সম্পাদন কৰাৰ অৰ্থে বহু ভিন্ন পথৰ সমন্বয়ত গঢ়ি তোলা এক আন্তঃসংযোগী প্ৰক্ৰিয়া বা তন্ত্ৰ
A interconnected system comprising of many different routes designed to perform a complicated work
- নেঠাneṭhāNoun
নেওঠনী।
- নেতnetaNoun
মিহি পাটৰ কাপোৰ; যেনে-"নেতৰ বসন পৰিধান মাথাৰ মালতী কৰে ঘ্ৰাণ বহলজঙ্ঘনী তনু অতি মধ্যক্ষীণ" (উদ্যোগ-পৰ্ব্ব)
a kind of fine silk cloth
- নেতাnetāNoun
নায়ক; চলাওঁতা; কোনো কাৰ্য্যৰ গুৰিয়াল
a leader
- নেতাইnetāiNoun
পদ্মা-পুৰাণত উল্লিখিত এজনী ধুবুনীৰ নাম।
- নেতি অলংকাৰAbstract Noun
ইতিবাচক অৰ্থ বুজাবলৈ নেতিবাচক শব্দৰ ব্যৱহাৰ
the use of a negative statement in order to emphasize a positive meaning
- নেতিবাদne’.ti.badAbstract Noun
পৰম্পৰাগত বিশ্বাস আৰু মৌলিক নীতিৰ ওপৰত ভাৰসা বা বিশ্বাসহীনতা ৷
The belief that nothing in the world has real existence.
- নেতৃত্বne.trit.twoAbstract Noun
এজন নেতাৰ পদবী বা স্থান; নেতা হোৱাৰ দক্ষতা বা সামৰ্থ্য।
the position or office of a leader; capacity or ability to lead.