কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাৰাশাস্তি কৰ্ha.ra.xas.ti korVerb-Trans.
অহৰহ আমনি কৰ্ অথবা শাৰীৰিক বা মানসিক ভাৱে অশান্তি কৰ্
to annoy continually, disturb physically or mentally
- হাৰ্hārIntransitive verb
পৰাস্ত হ; ঘাট্; অন্যৰ দ্বাৰা পৰাজিত হ
to be defeated or vanquished
- হাৱা খাha.wa khaVerb-Intran.
মুকলি ঠাইত নিৰ্মল বায়ু সেৱন কৰি আনন্দ ল
to enjoy free and clean air in an open place
- হাৱৰha.worVerbal Noun
পানীৰ তীব্ৰ গতি বা প্ৰবল সোঁত
a rapid stream of water
- হিঁকটি আহhi~.ko.ti ahVerb-Intran.
শ্বাস নলীৰ মুখ বন্ধ হোৱাৰ ফলত মধ্যচ্ছদাৰ পৰা শব্দ কৰ্ |
Breathe spasmodically, and make a sound.
- হিঁকটি মাৰ্hi~.ko.ti marVerb-Intran.
শ্বাস নলীৰ মুখ বন্ধ হোৱাৰ ফলত মধ্যচ্ছদাৰ পৰা শব্দ কৰ্ |
Breathe spasmodically, and make a sound.
- হিঁকটিয়াhi~k.tiyaVerb-Intran.
শ্বাস নলীৰ মুখ বন্ধ হোৱাৰ ফলত মধ্যচ্ছদাৰ পৰা শব্দ কৰ্ |
Breathe spasmodically, and make a sound.
- হিংসা কৰ্hing.xa korVerb-Trans.
আনৰ শুভ বা ভাল হোৱাটো সহ্য কৰিব নোৱাৰা হ
to feel discontent or covetousness with regard to another's advantages, success, possessions, etc
- হিংস্hiṃsTransitive verb
হিংসা কৰ্
to injure
- হিকটিয়া মাৰ্hi.ko.ti.ya marVerb-Trans.
খহু, ঘা আদি সম্পূৰ্ণ নুশুকাই টান হৈ গেঁঠেলা মাৰি থকা
to become harden, instead of being completely healed as in case of an abscess, injury etc.
- হিচাপ কৰ্hi.sap korVerb-Trans.
মুঠ সংখ্যা নিৰ্দ্ধাৰণ কৰিবলৈ এটা এটাকৈ পৰীক্ষা কৰি চোৱা
To check over (the separate units or groups of a collection) one by one to determine the total number
- হিচাব কৰ্Verb-Trans.
মুঠ সংখ্যা নিৰ্দ্ধাৰণ কৰিবলৈ এটা এটাকৈ পৰীক্ষা কৰি চোৱা
To check over (the separate units or groups of a collection) one by one to determine the total number
- হিচাবেAdverb
done in the same method or steps of doing another task
- হিম দংশিতhim dong.xitVerbal Adj.
অতিপাত ঠাণ্ডাত গাৰ কোনো কোনো অংশ, বিশেষকৈ আঙুলি আদিৰ ক্ষতি হোৱা অৱস্থা৷
injured in frost bite
- হিমমুক্ত কৰ্him.muk.to korVerb-Trans.
হিমায়ক বা তেনে জাতীয় সামগ্ৰীৰ পৰা তাত গোট খোৱা বৰফ গুচা৷
to remove the ice or frost from a refrigerator or freezer.
- হিমীভূতhi.mi.bhutVerbal Adj.
ঠাণ্ডাৰ প্ৰভাৱত গোট মৰা বা বৰফলৈ পৰিৱৰ্ত্তিত
congealed by cold or turned into ice
- হিমীভূতকৃতhi.mi.bhut.kri.toVerbal Adj.
বৰফেৰে ঢাক খোৱা বা বৰফে ঢাকি ধৰা
Covered with or having frost.
- হিল-দল ভাঙিhila-dala, bhāṅiAdverb
বাধা-বিঘনি আওকাণ কৰি প্ৰবল বেগে।
- হিল-দ’ল ভাঙিhil-dol bha.ngiAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- হিস্ক্hiskTransitive verb
শিং বা তেনে জোঙাল অস্ত্ৰেৰে বিন্ধ্।