কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উদ্দেশেuddeśeAdverb
উপলক্ষে; কাৰণে; নিমিত্তে
towards; for the purpose of
- উদ্দেশ্য-প্ৰণোদিতভাৱেud.de.syo-pro.no`.di.to.bha.beAdverb
এটা নিৰ্দ্দিষ্ট উদ্দেশ্য পূৰণৰ অৰ্থে।
with a definite purpose in view.
- উদ্ধাৰ কৰ্ud.dhar korVerb-Trans.
কোনো ব্যক্তিক বিপদজনক বা অৱৰুদ্ধ অৱস্থাৰ পৰা আঁতৰাই সুৰক্ষিত স্থানলৈ অনা
to transport somebody from a dangerous or trapped location to a safer location
- উদ্ধৃতu.dhri.toVerbal Adj.
আনৰ লেখাৰপৰা তুলি আনি উল্লেখ কৰা (উক্তি, খণ্ডবাক্য আদি)
(a passage, phrase, etc.) from a book, speech, or the like, which has been repeated elsewhere
- উদ্ধৃতি দেud.dhi.ti deVerb-Trans.
কোনো কিতাপ, বক্তৃতা আদিৰ (কোনো অংশ বা বাক্য আদি) পুনৰ উল্লেখ কৰ্
to repeat (a passage, phrase, etc.) from a book, speech, or the like, as by way of authority, illustration, etc
- উদ্ধৰণud.dho.ronVerbal Noun
কোনো কাম বা আন দায়িত্ব আদিৰ পৰা মুক্ত হোৱা |
Release from a post of duty, as by the arrival of a substitute or replacement.
- উদ্ধৱVerbal Adj.
তুলনামূলক ভাৱে উচ্চ (মূল্য, দাম, গুণমান আদিৰ ক্ষেত্ৰত)
comparatively higher (in value, price, quality etc.)
- উদ্বন্ধনud.bon.dhonVerbal Noun
ফাঁচি দিয়া বা লোৱা কাৰ্য্য ৷
The act of hanging by halter.
- উদ্বন্ধন কৰ্ud.bon.dhon korVerb-Trans.
Suspend by the neck with a noosed rope until dead
- উদ্বাহুVerbal Adj.
এক বাহু ওপৰলৈ কৰি থকা (এক প্ৰকাৰৰ তপস্যা)
having an arm lifted up
- উদ্বেগজনকভাৱেud.deg.jo.nok.bha.beAdverb
যিধৰণৰ আশা কৰা হৈছিল, তাতকৈ নিম্ন মানৰ ফল পোৱা বা কাম কৰা
done in a manner inferior to the expected quality
- উদ্বোধন কৰ্ud.do`.dhon korVerb-Trans.
কিহবাক দৃষ্টি, জীৱন বা কাৰ্য্যলৈ অনা বা অহা
to come or to bring sth into view, life, or activity
- উদ্ভাসিতud.bha.xi.toVerbal Adj.
জ্বলি থকা ।
Bright or glossy in appearance.
- উদ্ভৱud.bhobAbstract Noun
the phenomena of appearing in large numbers.
- উদ্যমিতাu.dyo.mi.taVerbal Noun
লাভৰ আশাৰে আৰ্থিক বিনিয়োগ কৰি কোনো ব্যৱসায় কৰা কাৰ্য্য
The activity of setting up a business or businesses, taking on financial risks in the hope of profit
- উদ্যোগীকৰণu.dyo`.gi.ko.ronVerbal Noun
ব্যাপক পৰিসৰত উদ্যোগ গঢ়ি তোলা
development of industry in a large scale
- উদ্ৰেক হu.drek hoVerb-Trans.
মনত উদয় হ (এক নতুন প্ৰশ্ন আদি)
Come up in mind (a new question etc.)
- উদ্ফালud.phalVerbal Noun
ভৰি আৰু ভৰিৰ পতাৰ মাংসপেশীৰ সহায়ত মাটি বা আন কোনো ভূমিৰ পৰা বলেৰে ওপৰলৈ উঠা কাৰ্য্য
the act of forcing oneself off / across the ground or any base by a muscular effort of the legs and feet.
- উদ্যাপনud.ja.ponVerbal Noun
কোনো দিৱস বা উত্সৱ আনুষ্ঠানিকভাৱে পালন কৰা
the act of observing (a day) or commemorating (an event) with ceremonies or festivities
- উদৰ পূৰাইu.dor pu.raiAdverb
পৰিমাণতকৈ বেছি খাদ্য খাই আৰু খাবলৈ নোৱাৰা হোৱা|
The state of being satisfactorily full due to excess in consumption of especially food or drink and unable to eat/drink more.