কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শতৰুxo.to.ruCommon Noun
a person who is hostile to another person or a country
- শতৰূপাśatarūpāNoun
ব্ৰহ্মাৰ কন্যা; স্বায়ম্ভুব মনুৰ ভাৰ্য্যা।
- শদিয়াxo.di.yaProper Noun
এখন ঠাই আৰু অসমৰ তিনিচুকীয়া জিলাৰ মহকুমাইয়াৰ ওচৰত দিহং দিবং আৰু লোহিত নৈ লগ লাগি ব্ৰহ্মপুত্ৰ নাম লৈছে৷
A place and subdivision of Tinsukia district of upper Assam
- শনাহীśanāhīAdjective
উৎপতীয়া; কুলক্ষণীয়া
mischievous; very wicked
- শনাহী-পৰুবাśanāhī-parubāNoun
"শোঁবাহী-পৰুবা" চোবাঁ।
- শনিśaniNoun
সপ্তম গ্ৰহ
the Saturn
- শনিপাটNoun
উগ্ৰ বা দুষ্ট লোক
a mischievous person
- শনিবাৰNoun
সপ্তাহৰ শেষ দিন
Saturday
- শনিশিংগানাপুৰxo.ni.xing.ga.na.purProper Noun
মহাৰাষ্ট্ৰৰ আহমদনগৰ জিলাৰ সোণাই অঞ্চলৰ এখন গাওঁ৷ইয়াৰ বিশেষত্ব হৈছে এই গাওঁৰ কোনো ঘৰ, দোকান-পোহাৰ, কাৰ্যালয়, আনকি বেংকতো দুৱাৰ-খিৰিকী, বাকচ আদি কতো তলা লগোৱাৰ ব্যৱস্থা নাই৷যোৱা তিনিশবছৰৰো অধিক কাল ইয়াত কোনো ধৰণৰ চুৰি ডকাইতি আদি হোৱা নাই৷গাওঁখনৰ আৰাধ্য দেৱতা শনি আৰু চুৰি-তাৰি বা আন কিবা অপৰাধ কৰিলে তেওঁৰ ৰোষত পৰিব বুলি ভবা জনবিশ্বাসৰ বাবে ই অপৰাধমুক্ত অঞ্চল হৈ আছে৷ বোধহয় ভাৰতৰ একমাত্ৰ অঞ্চল য’ত বেংকতো তলা লগোৱা নহয়৷
a village in Ahmednagar district of Maharastra. Perhaps, this is the only village in India where people do not use locks at their houses, offices, shops and even in bank. Their presiding deity is lord soni and people believe that any crime there would irritate him and the village would ruin. There is no crime record there for last three hundred years.
- শনৈশ্চৰxo.nois.sorProper Noun
সূৰ্য্যৰ পৰা দূৰত্বৰ ষষ্ঠ স্থানত থকা গ্ৰহ, যাৰ বিষুৱীয় দৈৰ্ঘ্য ৭৪,৬০০ মাইল (১,২০,০০০ কিলোমিটাৰ), সূৰ্য্যৰ পৰা গড় দূৰত্ব ৮৮৬.৭ নিযুত মাইল (১৪২৭ নিযুত কিলোমিটাৰ), সূৰ্য্যক প্ৰদক্ষিণ কৰিবলৈ লগা সময় ২৯.৪৬ বছৰ আৰু যাৰ ২১ টা উপগ্ৰহ আছে ৷ বৰফৰ ক্ষুদ্ৰ কণাৰে নিৰ্মিত এলানি ঠেক, চেপেটা আঙঠিৰে আৱৰা ই সৌৰজগতৰ দ্বিতীয় বৃহত্ গ্ৰহ৷
the planet sixth in order from the sun, having an equatorial diameter of 74,600 mi. (120,000 km), a mean distance from the sun of 886.7 million mi. (1427 million km), a period of revolution of 29.46 years, and 21 known moons. It is the second largest planet in the solar system, encompassed by a series of thin, flat rings composed of small particles of ice.
- শন্শননিśanśananiNoun
শুকান গছৰ পাতত ঘঁহনি খালে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound produced by dry leaves when brushed or disturbed
- শপতśapataNoun
দেবতা বা ধৰ্ম্মৰ নাম লৈ, বা কোনো পবিত্ৰ বস্ত্ত আগত বা হাতত লৈ কৰা অঙ্গীকাৰ; দিব্য
oath; asseveration
- শপত-বাক্যxo.pot-ba.kyoAbstract Noun
ঈশ্বৰ, দেৱতা বা আন কোনো পৱিত্ৰ বস্তুক সাক্ষ্য কৰি কোনো সংকল্প পূৰণ কৰাৰ বাবে দিয়া আনুষ্ঠানিক ঘোষণা
A solemn, formal declaration or promise to fulfill a pledge, often calling on God, a god, or a sacred object as witness
- শপতনামাxo.pot.na.maMaterial Noun
শপত গ্ৰহণ কৰাৰ প্ৰমাণ স্বৰূপে দিয়া লিখিত বক্তব্য
a written statement given as a proof of taking an oath
- শপতপত্ৰxo.pot.po.troMaterial Noun
শপত গ্ৰহণ কৰাৰ প্ৰমাণ স্বৰূপে দিয়া লিখিত বক্তব্য
a written statement given as a proof of taking an oath
- শপথxo.pothAbstract Noun
ঈশ্বৰ, দেৱতা বা আন কোনো পৱিত্ৰ বস্তুক সাক্ষ্য কৰি কোনো সংকল্প পূৰণ কৰাৰ বাবে দিয়া আনুষ্ঠানিক ঘোষণা
A solemn, formal declaration or promise to fulfill a pledge, often calling on God, a god, or a sacred object as witness
- শপনিxo.po.niVerbal Noun
গালি পৰা কাৰ্য্য
the act of abusing
- শবśabaNoun
শ; জন্ত্তৰ বা মানুহৰ মৰা দেহ
a dead body
- শব-সাধনśaba-sādhanaNoun
মঙল বা শনিবাৰে নিৰ্জ্জন ঠাইত এটা মৰা মানুহৰ বুকুত বহি কৰা কোনো দেবতা বা গোসানীৰ আৰাধনা
a kind of mystical rite of abstract contemplation with the aid of a corpse
- শব-সাধনাśaba-sādhanāNoun
মঙল বা শনিবাৰে নিৰ্জ্জন ঠাইত এটা মৰা মানুহৰ বুকুত বহি কৰা কোনো দেবতা বা গোসানীৰ আৰাধনা
a kind of mystical rite of abstract contemplation with the aid of a corpse