কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বগা-মাটিbagā-māṭiNoun
এবিধ পৰ্ব্বতীয়া ঠাইত পোবা বগা বৰণৰ মাটি; খড়িমাটি
chalk; carbonate of soda
- বগা-সৰিয়হbagā-sariẏahaNoun
"সৰিয়হ" চোবাঁ।
- বগাঢেৰাbo.ga.dhe.raCommon Noun
a bird of the pelican family characterized by pure white plumage, a bare pink facial patch around the eye and pinkish legs
- বগিয়া-বগিbagiẏā-bagiNoun
এজনে আন এজনৰ বাগি ধৰা কাৰ্য্য
refusal to do a thing unless another does it
- বগিয়াবগিbo.giya.bo.giCommon Noun
এজনে আন এজনৰ লগত বাগি ধৰা কাৰ্য্য ৷
the act of competing with one another.
- বগী চম্পাbo.gi som.paCommon Noun
ওখ বগা, সুগন্ধি ফুল ফুলা গছ৷
A perennial flowering plant originally from the Himalayas region of Nepal and India.
- বগী জামুbo.gi ja.muCommon Noun
দক্ষিণ-পূৱ এচিয়াত পোৱা এবিধ চিৰহৰিৎ উদ্ভিদ আৰু তাৰ সুস্বাদু ফল |
A southeast Asian evergreen tree (Syzygium jambos) widely cultivated for its showy flowers and fragrant, cream-yellow, ovoid fruits that are used for jellies and confections.
- বগীজামুbagījāmuNoun
"জামু" চোবাঁ
a kind of tree; Eugenia lancifolia
- বগীটেঙাbagīṭeṅāNoun
ঘূৰণীয়া বহল আৰু ডাঠ পাতেৰে এবিধ টেঙেচীয়া বনৰীয়া লতা
a kind of wild creeper of sour taste used as a pot- herb
- বগীতামbagītāmaNoun
এবিধ খনিত পোবা বগা ধাতু
tin
- বগীমনোহৰbagīmanoharaNoun
"কল" চোবাঁ।
- বগৰীbagarīNoun
এবিধ ডাল, ঠেঙুলিত কাঁইট থকা গছ আৰু তাৰ ফল
the jujube and its fruit; Zizyphus jujuba; the Chinese date-plum; Prunus comn unis
- বঙলাbaṅalāNoun
দুটুপীয়া, চাৰিখন চালৰ ঘৰ।
bungalow
- বঙহbaṅahaNoun
গোত্ৰ; বংশ
a race; a clan; a family
- বঙহৰদেউbo.ngo.hor.deuCommon Noun
বৈবাহিক জীৱনৰ পুৰুষজন
a woman's partner in marriage; the male spouse
- বঙাইগাঁওProper Noun
বঙাইগাঁও অসমৰ এখন জিলা৷ ইয়াত মুঠ তিনিখন নগৰ আছে ক্ৰমে অভয়াপুৰী, বঙাইগাঁও আৰু বিজনী৷ বিজনী নগৰখন বৰ্ত্তমান চিৰাং জিলাৰ অন্তৰ্গত হৈছে ৷
Bongaigaon district is an administrative district in the state of Assam in northeastern India. The district headquarters are located at Bongaigaon. The district occupies an area of 2,510 km².
- বঙালbaṅālaNoun
বঙ্গদেশৰ মানুহ; . বঙ্গদেশ-সম্পৰ্কীয়; বঙ্গদেশৰ
a Bengali ; produced in, or belonging to Bengal
- বঙালীbaṅālīNoun
বঙ্গদেশৰ মানুহ; . বঙ্গদেশ-সম্পৰ্কীয়; বঙ্গদেশৰ
a Bengali ; produced in, or belonging to Bengal
- বঙালী এৰাbo.nga.li e.raCommon Noun
এৰা জাতীয় তৰুক্ষীৰযুক্ত উদ্ভিদ গণ,দাঁতোন হিচাপে ব্যৱহাৰ হয়। জৈৱ-ডিজেল উৎপাদনত ইয়াৰ বীজ বহুল ব্যৱহৃত।
a plant genre whose seed is used to produce bio-diesel, also known to have medicinal value as per ayurveda system for toothache etc.
- বঙালী পুৰাNoun
এবিধ বিদেশী, ডাঙৰ আৰু ৰসাল কুঁহিয়াৰ
a variety of sugarcane imported from foreign countries