কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টালিবাজিta.li.ba.jiVerbal Noun
আনক ঠগিবলৈ বা কিবা আদায় কৰিবলৈ মিছা কাৰ্য্য বা ব্যৱহাৰ৷
false behaviour, appearance or action
- টালুকি-ভালুকিṭāluki-bhālukiNoun
চালুকীয়া ল'ৰাই হাত-ভৰি জোকাৰি কৰা ধেমালি; সৰু ল'ৰাৰ ধেমালি
childish frolic
- টালৈবাজিta.loi.ba.jiVerbal Noun
আনক ঠগিবলৈ বা কিবা আদায় কৰিবলৈ মিছা কাৰ্য্য বা ব্যৱহাৰ৷
false behaviour, appearance or action
- টাহ্ṭāhTransitive verb
হেঁচি বা খুন্দি ভৰা; ঠাহ্
to ram or press down
- টায়াৰta.yarMaterial Noun
কোনো ধাতুৰ চকাৰ ওপৰত (চাইকেল, গাড়ী আদিৰ) সুৰক্ষাৰ কাৰণে লগোৱা ৰবৰৰ আৱৰণ৷
a ring-shaped parts, either pneumatic or solid (including rubber, metals and plastic composites), that fit around wheels to protect them and enhance their function.
- টাৰṭāraNoun
বলয়া; হাতত পিন্ধা গোটা খাৰু
a kind of bracelet
- টাৰচিয়াচtar.si.asCommon Noun
এবিধ অতি সৰু প্ৰাণী৷ ইহঁতে সুমাত্ৰা, জাভা, বৰ্ণিও, চেলেবিচ, বিলিটন, ফিলিপাইন আদি দ্বীপপুঞ্জবোৰত বাস কৰে৷
a genus of tarsiers, small primates native to islands of southeast asia
- টাৰিṭāriNoun
মাটিৰে সজা গোটা দীঘলীয়া সৰু তেলৰ পাত্ৰ; কুপী
a small cylindrical earthen oil-pot
- টাৰীয়াNoun
ঘঁট থকা মতা ঘঁৰিয়াল
a crocodile with a prominence on the snout
- টাৰুṭāruNoun
পাগ-মাৰি; চকুত ভাত, আঞ্জা লৰোবা মাৰি
a stick used in stirring while cooking
- টাৰ্বাইনtar.bainMaterial Noun
পানী বা বাষ্পৰ সোঁতৰ পৰা গতি শক্তি পোৱা কোনো যন্ত্ৰৰ অংশ ।
a machine or an engine that receives its power from a wheel that is turned by the pressure of water, air or gas.
- টাৰ্বো জেনেৰেটৰNoun
টাৰ্বো জেনেৰেটৰ
টাৰ্বো জেনেৰেটৰ
- টাৱেলta.welMaterial Noun
মুখ-হাত বা গা মচা এখন ডাঠ কাপোৰ৷
A piece of absorbent fabric or paper used for drying or wiping. It draws moisture through direct contact, often using a blotting or a rubbing motion.
- টি-টি-হেইṭi-ṭi-heiNoun
গৰু খেদোবা মাত।
- টি-প্ৰতিদৰ্শজNoun
প্ৰতিদৰ্শজ
প্ৰতিদৰ্শজ
- টিঁয়াṭim̐ẏāNoun
এবিধ সৰু জাতৰ ভাটৌ
the common parrot
- টিংṭimNoun
পৰ্ব্বতৰ আগ বা ওখ ভাগ
a mountain peak
- টিংখংting.khongProper Noun
অসমৰ ডিব্ৰুগড় জিলাৰ উল্লেখযোগ্য স্থান৷
Important place in Dibrugarh district
- টিংখপ্ṭiṅkhapNoun
খুঁটিতাল বজালে হোবাৰ নিচিনা শব্দ
a sound like that of small cymbals clasped together
- টিংখোপNoun
যেনে-"বৰধেমালিৰ ওপৰত টিংখোপ"।