কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গণদেৱতাgo.no.de.bo.taProper Noun
হিন্দু বিশ্বাস অনুসৰি জ্ঞান, প্ৰজ্ঞা আৰু মেধাৰ দেৱতা৷ তেখেতক সকলো ধৰনৰ বিঘিনি নাশক বুলিও শ্ৰদ্ধা আৰু পূজা কৰা হয়৷ তেওঁ শিৱ আৰু পাৰ্বতীৰ সন্তান৷ তেখেত হাতীমূৰীয়া৷
Son of Lord Shiva and Parvati, Ganesh/Ganesha is one of the most worshipped Hindu deities. Revered as the god of wisdom and intellect and remover of obstacles.His elephant head makes it easier for him to be distinguished.
- গণনাকাৰীgo.no.na.ka.riCommon Noun
এটা নিৰ্দ্দিষ্ট এলেকাৰ ভোটদাতাৰ তালিকা প্ৰস্তুত কৰা ব্যক্তি; লোক-পিয়লৰ সময়ত ঘৰে-ঘৰে গৈ পৰিয়ালসমূহৰ খতিয়ান লৈ ফুৰা ব্যক্তি
a person who compiles the voting list for an area; a person who issues and retrieves forms during a census of population
- গণনাথgaṇanāthaNoun
গণেশ; গণপতি
a name of Ganeśa
- গণনায়কgaṇanāẏakaNoun
গণেশ
a name of Gaṇeśa
- গণনিgaṇaniNoun
দহজনক মাতি নকৈ ওপজা সন্তানৰ অদৱষ্ট গণনা বা কোষ্ঠী কৰা কাৰ্য্য
the ceremony of formally calculating and recording the fortunes of a newborn child
- গণপতিgaṇapatiNoun
গণনাথ; গণেশ
Gaṇeśa
- গণবিশ্বকোষgo.no.bis.wo.koxMaterial Noun
ইণ্টাৰনেটৰ জৰিয়তে সকলোৱে বিনামূল্যে ব্যৱহাৰ তথা সম্পাদনা কৰিব পৰা বিশ্বকোষ
A collaborative website containing articles on various topics where everyone can use and edit the articles in it through the internet.
- গণভিত্তিgo.no.bhit.tiAbstract Noun
সৰ্বসাধাৰণ জনতাৰ মাজত থকা জনপ্ৰিয়তা বা প্ৰভাৱ
influence on or popularity among the masses
- গণভোটgo.no.bho’tAbstract Noun
Vote on an important political question open to all the electors of a state
- গণমতgo.no.motAbstract Noun
Vote on an important political question open to all the electors of a state
- গণশত্ৰুgo.no.xo.truCommon Noun
সমাজৰ অনিষ্ট সাধন কৰা ব্যক্তি
people responsible to cause harm to society
- গণশিল্পীgo.no.xil.piCommon Noun
সৰ্বজন সমাদৃত এজন শিল্পী, যি এক সাংস্কৃতিক বিপ্লৱ বা পৰম্পৰাক প্ৰতিনিধিত্ব কৰে।
a popular artist, regarded as a symbol of a cultural movement.
- গণসংযোগgo.no.xong.jo’gAbstract Noun
ৰেডিঅ’, দূৰদৰ্শন, বাতৰি কাকত, ইন্টাৰনেট আন্তজাল আদিৰ মাধ্যমেৰে একে সময়তে বহু ঠাইৰ বহু মানুহক খবৰ বাতৰি দিয়া বা ভাবৰ আদান প্ৰদান, তথ্য বিনিময় কৰা এক পদ্ধতি৷
a process of providing, sharing information with many people at the same time through print and electronic media, internet etc.
- গণহত্যাgo.no.ho.tyaAbstract Noun
নিষ্ঠুৰভাৱে বহুলোকক একেলগে হত্যা কৰা কাৰ্য্য
Mass killing of people cruelly or violently
- গণাগণgaṇāgaṇaNoun
মান-সত্কাৰ; সম্মান; সম্ভ্ৰম
regard; esteem
- গণাগনgo.na.gonAbstract Noun
প্ৰশংসাসূচক এক বিশিষ্ট অনুভূতি, য’ত কাৰোবাক এক অতি উচ্চ আসনত ৰখা হয়
A feeling of appreciative, often deferential regard
- গণাধিপgo.na.dhipProper Noun
হিন্দু বিশ্বাস অনুসৰি জ্ঞান, প্ৰজ্ঞা আৰু মেধাৰ দেৱতা৷ তেখেতক সকলো ধৰনৰ বিঘিনি নাশক বুলিও শ্ৰদ্ধা আৰু পূজা কৰা হয়৷ তেওঁ শিৱ আৰু পাৰ্বতীৰ সন্তান৷ তেখেত হাতীমূৰীয়া৷
Son of Lord Shiva and Parvati, Ganesh/Ganesha is one of the most worshipped Hindu deities. Revered as the god of wisdom and intellect and remover of obstacles.His elephant head makes it easier for him to be distinguished.
- গণিকালয়go.ni.ka.loyMaterial Noun
দেহোপজীৱীনীৰ দেহ ব্যৱসায়ৰ ঠাই।
a house where prostitutes carry their trade.
- গণিতgaṇitaNoun
অঙ্ক-শাস্ত্ৰ
mathematics
- গণিত বিজ্ঞানgo.nit bi.gyanAbstract Noun
A subject which teaches us mathematics and allied branches of basic and applied sciences.