কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কঙ্কৰkaṅkaraNoun
শিল, ইটা বা টান মাটিৰ সৰু সৰু খণ্ড বা ডোখৰ
gravel; brick, broken into small pieces
- কঙ্গোkong.go`Proper Noun
মধ্য আফ্ৰিকাৰ এখন দেশ৷
The Republic of the Congo, also known as Congo Republic or Congo-Brazzaville, is a country located in Central Africa.
- কচkacaNoun
একোঁচা জোঙা বাঁহৰ শলি এডাল দীঘল বাঁহৰ মূৰত বান্ধি লোবা মাছ খোঁচা সঁজুলি; পঁচা
a pronged bamboo pole used for spearing fish
- কচ মাছkos masProper Noun
ভাৰত, বাংলাদেশ, নেপাল আদি দেশত উপলভ্য বগা বৰণৰ, বাকলিহীন এবিধ ডাঙৰ মাছৰ প্ৰজাতি
a kind of large catfish, devoid of scales, found in India, Bangladesh, Nepal etc.
- কচকচনিAbstract Noun
ছালত অনুভৱ কৰা খচখচনি
An irritation on the skin
- কচকাkacakāNoun
হাড়ৰ জোৰাত খোবা পাক; মোচোকা
a sprain
- কচমkacamaNoun
শপথ
an oath
- কচলkacalaNoun
কেচেৰু; এৰী-পলুবে পাত খোবা গছ-বিশেষ।
- কচাইkacāiNoun
পশু মাৰি তাৰ মঙহ বেচা লোক
a butcher
- কচাইখানাko.sai kha.naAbstract Noun
কসাইবোৰে জন্তু/কুকুৰা আদি বধ কৰা ঘৰ |
A building where animals are killed/butchered for food.
- কচালনিNoun; Adverb
কচালি কচালি।
- কচিkaciNoun
পাঁচ কাওন কড়ি।
- কচুkacuNoun
এবিধ সৰু উদ্ভিদ আৰু তাৰ মূল [ইয়াৰ মূলৰপৰা বাউ বা পাতৰ ঠাৰি বাঢ়ি গৈ আগত বহল পাত মেলে; ইয়াৰ অনেক উপজাত আছে; কোনো খেতিত, কোনো এনেই হয়; কোনোবিধৰ আলু বা বাউ আঞ্জা খায়, কোনো কোনোবিধ নেখায়; যেনে-ওল-কচু, কণি-কচু, ক'লীয়া-কাক-, কেঁচাই খোবা, ছ- মুখীয়া, জোং-, দহি-, এডলীয়া, নল-, পানী-, বেজ-, মনা-, মান-, শ্যামা-, লাচ-, বিহ-কচু।]
Taro; Egyptian arum; Colocasia antiquorum
- কচু থুৰীMaterial Noun
কচু গছৰ মেৰ খাই থকা কোমল পাত৷
A bud of arum
- কচু-কলাNoun
কচুৰ ফুল আৰু তাৰ ভিতৰত থকা কলৰ সদৱশ ফল; ; কটু-কটা দি এফালৰপৰা কাটি যাঃ অধিক পৰিমাণে কাট্
the flower of arum ; to cut right down; to massacre
- কচু-খুঁটাkacu-khum̐ṭāNoun
কুঁহিয়াৰ-শালৰ গলধা দাঙি ধৰি থকা খুঁটা দুটা।
- কচু-গুটিkacu-guṭiNoun
কচুৰ টেপু
a tuber of the arum
- কচু-দোপNoun
কচু আদিৰে ভৰি থকা দোপনি, খাল বা জলাতক ঠাই
a low place, a ditch or so, where arum plants abound
- কচু-হাঁহkacu-hām̐haNoun
এবিধ আমৰলীয়া বৰণৰ বনৰীয়া পানী-হাঁহ
a variety of wild duck
- কচুকলাko.su.ko.laCommon Noun
কচু গছৰ ফুল ।
the flower of arum plant.