কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাতিkātiNoun
মাছ, সৰিয়হ মাৰি পেলাই দিয়া জাবৰ
waste dry stalk from which grain has been thrashed
- কাতি বিহুka.ti bi.huProper Noun
আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু (ইংৰাজী মাহ মতে অক্টোবৰ মাহত)৷ এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়, সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে৷ কাতি বিহুৰ সময়ত খেতিয়কৰ ভঁৰাল প্ৰায় শূন্য হৈ থাকে বাবে এই বিহুত বিশেষ ৰং-ৰহইচ কৰা নহয় ৷ গতিকে অভাৱ-অনাটনৰ সময়ত হোৱা বাবে এই বিহুৰ আন এটা নাম কঙালী বিহু৷ কৃষিজীৱী অসমীয়া মানুহে কাতি বিহুৰ সন্ধিয়া ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধুলি তাৰ গুৰিত আৰু ভঁৰালঘৰৰ দুৱাৰত সভক্তিৰে চাকি জ্বলাই নাম গাই সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত চাকি জ্বলাই৷
The second Assamese Bihu is known as Kati Bihu or Kangali Bihu and is usually held in the month of Kartik or Sankranti (falling in October according to the English calendar). This Bihu is not celebrated with gaiety; this is a Bihu of prayer and meditation. During the month of October people are preparing for the winter crop; there is no harvest- the seeds are being sown and consequently there is no money to splurge on fun. People practise the art of being thrifty and the young ones also learn that money is not just for the asking and that they must refrain from too much spending even on festivity.Kati Bihu is celebrated at the timeof sowing the crop.Goddess Lakshmi is invoked by lighting an oil lamp (deep) every night in the paddy fields, where the people have toiled all day for a month. At home, after a good day's work, the old and the young gather and pray to the goddess and ask her to bless their land with a bountiful crop, and the home and family and livestock with health, wealth and strength.
- কাতি-কুতাkāti-kutāNoun
ইকাতি-সিকাতি; ইদাঁতি-সিদাঁতি; লৰ-চৰ
the act of turning the body from one side to another
- কাতি-কুতা কৰ্ka.ti-ku.ta korVerbal Noun
লৰচৰ বা গতি কৰা কাৰ্য ৷
the act of changing location or position
- কাতি-দেউলীkāti-deulīNoun
কাতি মাহত পকা এবিধ লাহী ধান
a kind of paddy
- কাতি-বিহুkāti-bihuNoun
কাতি মাহৰ সংক্ৰান্তি বা আহিনৰ শেষ দিন; [এই দিনাবপৰা ধানে থোক মেলিবলৈ ধৰে; আৰু এইদিনা খেতিয়কে ধাননিলৈ গৈ খেতিৰ অবস্হা চায়গৈ আৰু সামান্যৰূপে সান্দহ, পিঠা খাই উৎসব কৰে।]
the last day of Asvina, which is celebrated by the cultivators as a day of the first appearance of the ears of the paddy
- কাতি-সঁতাkāti-sam̐tāNoun
কাতি মাহত হোবা লালি নিছিগা বৰষুণ
a spell of continual rain for days together which sometimes occurs in the month of Kārtika due to the north-east monsoon
- কাতীkātīNoun
কেঁচি; কাপোৰ আদি পাতল বস্ত্ত কটা এবিধ যুৰীয়া কটাৰী
a kind of scissors
- কাতীয়াkātīẏāNoun
কাতিমাহত ওপজা মানুহ
one born in Kārtika
- কাতুৰ্বাদkāturbādaNoun
কাকুতি-মিনতি
earnest entreaty
- কাতুৰ্ব্বাদkāturbbādaNoun
কাকুতি-মিনতি
earnest entreaty
- কাত্যায়নkātyāẏanaNoun
এজন ঋষিৰ নাম।
- কাত্যায়নীkātyāẏanīNoun
দুৰ্গাৰ এটা নাম
a name of Durgā
- কাত্যায়নী-ব্ৰতkātyāẏanī-brataNoun
আঘোণ মাহত কৱষ্ণক স্বামী-স্বৰূপে পাবলৈ দুৰ্গা-পূজা কৰি কৰা ব্ৰত।
- কাতৰধ্বনিka.tor.dhwo.niAbstract Noun
নৰিয়া মানুহে কষ্টেৰে উশাহ লওঁতে হোৱা শব্দ অথবা দুখে-কষ্টে, খঙে-ৰাগে উশাহ লওঁতে হোৱা শব্দ
A deep, inarticulate sound uttered in derision, disapproval, desire, etc.
- কাতৰিkātariNoun
কাতৰ প্ৰাৰ্থনা।
- কাতৰোক্তিkātaroktiNoun
কাতৰ বা ব্যাকুল হৈ কোবা কথা; দুখেৰে কৰা বিনয়
earnest entreaty or request
- কাথkāthaNoun
কায়স্হ।
- কাথ-কলিতাkātha-kalitāNoun
কায়স্হ আৰু কলিতা
- কাথ-বৰুবাkātha-barubāNoun
আহোম ৰজাৰ দিনৰ কায়স্হ জাতিৰ মানুহক দিয়া বাব
an office held under the Āhom kings by a person of Kāyastha class