কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাঠ-কাটোঁতাkath-ka.to`~.taCommon Noun
খৰি বা কাঠ কটা ব্যক্তি
a person who cuts down trees or wood
- কাঠ-খোবা শৰ, কাঠ-শৰkāṭha-khobā, śara, kāṭha-śaraNoun
এবিধ কাঠনিত থকা ডাঙৰ পহু।
- কাঠ-খোলাkāṭha-kholāNoun
বাঢ়ৈ-টোকা চৰাই
the wood- pecker
- কাঠ-গৰাkāṭha-garāNoun
কাঠেৰে সজা গড়; কোঁটা গঁৰাল; যেনে-"কাঠগৰা বান্ধি বঞ্চিলন্ত ৰাতি" (কীৰ্ত্তন)
an enclosure made of wood
- কাঠ-চলিkāṭha-caliNoun
চাঁচ আদিৰে কাটি পেলোবা সৰু সৰু পাতল কাঠৰ চলা
a small, thin and flat piece of scraped wood
- কাঠ-চিতkāṭha-citaNoun
কঠিন বা নিৰ্দ্দয় মন বা অন্তৰ
a hard heart
- কাঠ-চেঁউৰীkāṭha-cem̐urīNoun
গাভিনী হোবাৰ বয়স নোপোবা চেঁউৰী গাই বা জন্ত্ত
a young immature female animal; a heifer
- কাঠ-চৰkāṭha-caraNoun
বৰ টানকৈ মৰা চৰ
a severe slap on the cheek
- কাঠ-পতানkāṭha-patānaNoun
টান পতান অৰ্থাৎ ভিতৰত মুনিয়া চাউল থকা ধান
blighted rice
- কাঠ-পেঞ্চিলkath-pensilMaterial Noun
কাঠৰ ঠেক সঁজাত গ্ৰেফাইটৰ শলা ভৰাই কাগজত লিখিব পৰা যতন।
a writing tool made of charcoal(graphite ) core surrounded by a wood or plastic protection
- কাঠ-বাদামkath-ba.damProper Noun
নাতিশীতোষ্ণ অঞ্চলত হোৱা বাদামৰ লেখিয়া এবিধ টান ফল আৰু তাৰ গছ
the nut like kernel of the fruit of either of two trees, Prunus dulcis (sweet almond) or P. dulcis amara (bitter almond), which grow in warm temperate regions
- কাঠ-বিৰলাkāṭha-biralāNoun
কাষলতিত হোবা টান, বেগাই নপকা এবিধ ফোঁহা
a tumour or boll on the arm-pit
- কাঠ-বুকুkāṭha-bukuNoun
কাঠ-চিত; কঠিন অন্তৰ, নিৰ্দ্দয় চিত
a hard heart
- কাঠ-মাছkāṭha-māchaNoun
টান মঙহ থকা মাছ (গৰৈ, মাগুৰ, শাল, শ'ল, কাবৈ আদি)
a fish with hard or tough flesh
- কাঠ-মাৰিkāṭha-māriNoun
কাঠৰ নিৰ্ম্মিত ঘৰৰ সঁজুলি; বাটাম আদি, যেনে -"পাটঘৰ সাজিবলৈ কাঠ-মাৰি কাটিবলৈ দিছিল; "
wooden scantling; rafter
- কাঠ-শৰkāṭha-śaraNoun
এবিধ ডাঙৰ শৰ-পহু।
- কাঠ-সংস্কাৰkāṭha-saṃskāraNoun
কাঠৰ দ্বাৰা সংস্কাৰ বা শুচি কৰা কাৰ্য্য; মৰাক খৰি দিয়া কাৰ্য্য
cremation
- কাঠ-হাঁহিkāṭha-hām̐hiNoun
কঠুবা হাঁহি
a dry laugh
- কাঠকটীয়াkath.ko’’.ti.yaCommon Noun
খৰি বা কাঠ কটা ব্যক্তি
a person who cuts down trees or wood
- কাঠকলিkath.ko.liCommon Noun
নিচেই কুমলীয়া আৰু মঙহ নধৰা গছৰ ফল৷
a hard undeveloped fruit.