কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- স্পৰ্শাতীতspor.xa.titProper Adj.
যিটো পাব পৰা বা অৰ্জন কৰিব পৰা নাযায়;যেনে: স্পৰ্শাতীত সাফল্য
not capable of being obtained
- স্পৱশ্যspawaśyaAdjective
স্পৰ্শ কৰিবৰ বা ছুবৰ যোগ্য
fit or proper to be touched; touchable
- স্পৱষ্টspawaṣṭaAdjective
যিহক বা যাক স্পৰ্শ কৰা হৈছে
touched
- স্পৱহনীয়spawahanīẏaAdjective
বাঞ্ছনীয়; পাবলৈ ইচ্ছা কৰিব লগীয়া
desirable
- স্ফীতsphītaAdjective
উখহা; ফিকা; ফুলি উঠা; ওফন্দি উঠা
swollen; puffed
- স্ফীতোদৰsphi.to’.dorProper Adj.
পেট ডাঙৰ মানুহ।
Person with a protruding stomach.
- স্ফুটsphuṭaAdjective
বিকশিত; প্ৰকাশিত।
- স্ফুটিতsphuṭitaAdjective
বিকশিত; ফুলা; মেল খোবা
opened; unfolded
- স্ব-নিৰ্ভৰশীলswo-nir.bhor.xilProper Adj.
লোকৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ জীৱিকাৰ বাবে নিজে উপাৰ্জন কৰা৷
one who does not rely on other
- স্ব-প্ৰামাণিকswo-pra.ma.nikVerbal Adj.
সহজবোধ্য, স্পষ্ট, কোনো বাখ্যা, প্ৰমাণৰ আৱশ্যক নোহোৱা
obvious,clear, that requires no proof or explanation
- স্বকীsbakīAdjective
নিজৰ; ; যেনে -"স্বকী স্বকী স্বামীক আলিঙ্গি কান্দে ধৰি" (কীৰ্ত্তন)।
one's own
- স্বকীয়sbakīẏaAdjective
নিজৰ; আপোনাৰ
one's own
- স্বকৃতswo.kri.toVerbal Adj.
কোনোৱে নিজে কৰা।
done by oneself.
- স্বকৰ্ম্ম-বশsbakarmma-baśaAdjective
নিজে কৰা কামৰ ফলভোগী বা তলতীয়া
enjoying or suffering from the fruits of one's own act
- স্বকৱতsbakawataAdjective
আপুনি কৰা; নিজে কৰা
done or made by one's self
- স্বঘোষিতswo.gho`.xi.toVerbal Adj.
নিজে ঘোষণা বা বৰ্ণনা কৰা; যেনেঃ স্বয়ম্ভূ নেতা।
proclaimed or described by oneself; e.g. self-proclaimed leader.
- স্বচক্ষswo.so.khyoVerbal Adj.
নিজ চকুৰে দেখা
seen by self
- স্বচালিতswo.sa.li.toProper Adj.
মানুহৰ পোনপটীয়া হস্তক্ষেপ নোহোৱাকৈ নিজে নিজে কাৰ্য্য কৰা
Working by itself without direct human intervention
- স্বচ্ছsbacchaAdjective
অতি নিৰ্ম্মল আৰু মিহি; যাৰ ভিতৰেদি আন বস্ত্ত দেখিব পাৰি; এফালৰপৰা চালে আন ফাললৈ দেখা পোবা; জলজলীয়া
very clear; transparent; pellucid
- স্বচ্ছন্দsbacchandaAdjective
নিজৰ ইচ্ছামতে কাৰ্য্য কৰিব পৰা; স্বাধীন; অবাধ; নিৰ্ব্বিঘিনি; সুস্হ; . গুণ
unrestrained; free from obstruction or uneasiness