কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তাতোকৈta.to`.koiAdverb
দুটা কথা বা কামৰ ভিতৰত পিছৰটোক আগৰটোতকৈ শ্ৰেষ্ঠ দেখুৱাবলৈ ব্যৱহাৰ কৰা হয় |
Used to mean something is better than the other one; more properly/correctly.
- তাপজাৰণtap.ja.ronVerbal Noun
(ধাতুৰ উৎস আদি) জাৰণ কৰাৰ অৰ্থে বায়ুৰ উপস্থিতিত তপতোৱা কাৰ্য্য বা প্ৰণালী।
the act or the process of heating (ore or the like) in air in order to oxidize it (in metallurgy).
- তাপলি মাৰ্ta.po.li marVerb-Intran.
to mend, cover, or strengthen with or as if with a small piece of material
- তাপহ্tāpahIntransitive verb
সন্তাপ সহ্য কৰ্; কষ্টত ধৈৰ্য্য ধৰি থাক্
to have patience in distress; to bear up
- তাবক্ষণেtābakṣaṇeAdverb
তেতিয়াই; সেই ক্ষণে
quickly; instantly
- তাবতtābataAdverb
সেই পৰ্য্যন্ত; সেই পৰিমিত; সমুদায়; সেই সময়লৈকে
until; up to
- তাবদেকtābadekaAdverb
তেতিয়ালৈকে
up to that time
- তাবেtābeAdverb
তেতিয়ালৈকে
up to that time
- তাল-ফাল লগাtal-phal lo.gaVerb-Intran.
To utter a sudden and loud outcry, as in joy, triumph, or exultation or to attract attention
- তালকে তালকেAdverb
ধাপত-খাপে; দোপত-দোপে
in successive steps
- তালকে-তালকেta.lo.ke-ta.lo.keAdverb
এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।
from one stage to the next in sequence.
- তালিকাকৰণta.li.ka.ko.ronVerbal Noun
শৃংখলাৱদ্ধ ভাৱে তালিকাভুক্ত কৰা প্ৰক্ৰিয়া
putting or arranging in a tabular, systematic, or condensed form
- তালিকাভূক্ত কৰ্ta.li.ka.bhuk.to korVerb-Trans.
শৃঙ্খলাৱদ্ধভাৱে সজাই থোৱা আন বহু উপাদানৰ সৈতে নতুনকৈ এটা উপাদান যোগ কৰ্
to put one`s name in a series of other items written or printed together in a meaningful grouping or sequence
- তালে তালেtāle, tāleAdverb
গীতৰ তাল অনুসৰি; তালেৰে মিল কৰি; প্ৰতি তালত
according to each beat of musical time
- তালে-ঘাতেtāle-ghāteAdverb
ঠিক সময়ত
just in time
- তালে-তালেta.le-ta.leAdverb
(সঙ্গীতৰ) তালত তাল মিলাই
following the tune or rhythm (of music)
- তালে-তিলেtāle-tileAdverb
আগ-গুৰি বা সৰু-বৰ সকলোকে ধৰি; সম্পূৰ্ণৰূপে; অলপো বাদ নোযোবাকৈ
entirely; in every detail
- তালে-মানেtāle-māneAdverb
গীতৰ তালৰ মাত্ৰা ৰক্ষা কৰি; সকলো ৰকমে ঠিক বা মিল ৰাখি
concordantly; harmoniously; agreeing in every detail
- তাসনেtāsaneAdverb
তাৰ সঙ্গে; তাৰ সৈতে; যেনে-"বৈৰী কাম কোৰোধ মদ মৎসৰ তাসনে ৰতি মতিহীনা" (বৰগীত)।
- তাহানিtāhāniAdverb
আগৰ দিনত; পুৰণি কালত; পূৰ্ব্বকালত
formerly