কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লাংখা-লিংখিlang.kha-ling.khiProper Adj.
কোনো পৰিকল্পনা নোহোৱা, চাৰিওফালে অ’ত-ত’ত পৰি থকা
with no particular order or plan; not organized well
- লাংপাংlang.pangProper Adj.
যুক্তিযুক্ত অৰ্থ বা সঙ্গতি নথকা
having no logical ordering or meaning (of words in a sentence)
- লাংলাং-থাংথাংlang.lang-thang.thangProper Adj.
ইফাল-সিফাল হৈ কোনো নিয়মমতে নথকা
found or occurring apart from others or as an isolated or casual instance; incidental or occasional
- লাই-লঠীয়াProper Adj.
কোনো লগ নাইকিয়া ব্যক্তি, লগ-সংগ নোহোৱা অৱস্থা
one who has no company; an atmosphere of having no company
- লাইজুলীয়াlāijulīẏāAdjective
লাইশাক পানীত মোহাৰিলে ওলোবা জোলৰ বৰণৰ; ক'লা-কলপতীয়া (জুলীয়া পদাৰ্থ)
dark green (said of a liquid thing)
- লাউ(ও)-মূৰাlāu(o)-mūrāAdjective
শিং নথকা (গৰু); ; স্ত্ৰী. লাউ(-ও)মূৰী।
hornless (said of a bullock)
- লাউ(ও)লোবাlāu(o)lobāAdjective
ধাতুৰ পাত্ৰ কিনিবলৈ ধন নথকাত পানী খাবলৈ লাওৰ খোলা ব্যবহাৰ কৰা; বৰ দুখীয়া
a pauper
- লাউ-(ও)ওলোবাlāu-(o)olobāAdjective
ক্ষীণ; শুকান
lean; emaciated
- লাউজাProper Adj.
আত্মবিশ্বাসৰ অভাৱ আৰু মানুহৰ লগত সহজ হব নোৱাৰা
discomfortable or lacking of confidence in association with others
- লাউপাত কচুপাতlau.pat ko.su.patProper Adj.
যি অতি বেছিকৈ, সাধাৰণতে অদৰকাৰী কথা কয়
talking too much, often of no use
- লাউমূড়াlau.mu.raProper Adj.
শিং নথকা (গৰু)
having no horn (of cattle or deer)
- লাউমূৰাlau.mu.raProper Adj.
শিং নথকা (গৰু)
having no horn (of cattle or deer)
- লাউলোৱাlau.lo`.waProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- লাওমূৰাlau.mu.riProper Adj.
শিং নথকা (গৰু)
having no horn (of cattle or deer)
- লাওলোৱা অৱস্থাlao.lo`.wa o.wos.thaProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- লাক-পাকlāka-pākaAdjective
লকৰ-পকৰ; অনিশ্চয়; অকামিলা
uncertain; worthles
- লাকলঙীয়াlākalaṅīẏāAdjective
লাক্-পাক্; লাগ-বান্ধ নাইকিয়া; অসংলগ্ন; যেনে-"এনেবোৰ লাক্লঙীয়া কথা শুনি থাকিবলৈ অহা নাই"
worthless
- লাক্ষণিকlākṣaṇikaAdjective
লক্ষণাৰ দ্বাৰা প্ৰকাশ কৰা; পোন অৰ্থ এৰি ভাবৰ দ্বাৰা বুজোবা
signifying something more than the direct meaning
- লাক্ষ্যিতlākṣyitaAdjective
যি বস্ত্তলৈ লক্ষ্য কৰা বা মন মেলা যায়
aimed at
- লাখটকীয়াAdjective
লাখ টকা মূল্যৰ; বহুমূলীয়া
precious