খোবা-খুবী
khobā-khubī
অৰ্থ
1.
খোবা নামে মতা আৰু খুবী নামে মাইকী-এহাল ভূত-ভুতুনী [শিবই নিজে কৰা খেতি চাবলৈ তেওঁ পাৰ্ব্বতীক নিষেধ কৰিছিল; তাকে নেমানি পাৰ্ব্বতীয়ে গৈ খেতি চাই আচৰিত হৈ "উস্, আহ্" কৰিলত তাৰেপৰা খোবা-খুবী ওলাই খেতিডৰা পুৰি উচ্ছন্ন কৰিলে বুলি "ভীম- চৰিত" পুথিত লিখা আছে; পাছে-মহাদেবৰ বৰত এই খোবা-খুবীয়ে নকৈ বিয়া হোবা দৰা-কনিয়াৰ গাত সোমাই অনিষ্ট কৰে বুলি মানুহে বিশ্বাস কৰে; তাকে খণ্ডাবৰ কাৰণে বিয়াৰ তিনি দিনৰ মূৰত খোবা-খুবী সবাহ কৰে। ইয়াকে মুখ লগাও বোলে আৰু খোবা-খুবী সবাহ কৰি মুখ ভাঙে।]
a couple of demons (male and female) supposed to possess the power of causing evil specially to a newly married couple
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ