← ফুৰি যাওক

খাট্

khāṭ

অৰ্থ

1.

নিজৰ বাঞ্ছা সিদ্ধ হ'বৰ কাৰণে আশা কৰি কোনোৰ ওচৰলৈ গৈ ভাৰসা কৰ্; নিজৰ উপকাৰৰ আশা কৰি আনৰ ওচৰত উপাসা কৰ

to seek favour by flattery; to curry

সক. ধা.

2.

নিয়ম অনুসাৰে পালন কৰ্; যেনে-"অশৌচ খাট্"

to observe as a rule

সক. ধা.

3.

শান্তি-স্বৰূপে ভোগ কৰ্; যেনে-"ফাটক খাট্"

to undergo a penalty

সক. ধা.

4.

খপ্; বাস কৰ্; যেনে-"প্ৰবাস খাট্"

to sojourn

সক. ধা.

5.

আনৰ বাবে পৰিশ্ৰম কৰ্; ভৱত্যৰ কাম কৰ্

to serve

অক. ধা.

6.

উপাসা কৰ্; প্ৰাৰ্থনা কৰ্

to solicit; to pray

অক. ধা.

7.

কোনো বিষয়ত উপযুক্ত বা বলবন্ত হ

to apply

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খাট্ · অসমীয়া অভিধান