← ফুৰি যাওক

খা

khā

অৰ্থ

1.

ভোজন কৰ্; গিল্

to swallow

সক. ধা.

2.

ভোগ কৰ্; সম্ভোগ কৰ্

to possess; to enjoy

সক. ধা.

3.

অনুভব কৰ্; যেনে-"দুখ খা; ভয় খা"

to suffer; to experience

সক. ধা.

4.

অধীন হ; পা; যেনে-"কিল বা গালি খা"

to be subjected to

সক. ধা.

5.

কামোৰ্; দংশন কৰ্; যেনে-"কুকুৰে খালে"

to bite

সক. ধা.

6.

বিন্ধ্; যেনে-"বৰলৈ খায়"

to sting

সক. ধা.

7.

ধ্বংস কৰ্; নষ্ট কৰ্; যেনে-'কানিয়ে দেশখন খালে"

to ruin

সক. ধা.

8.

গ্ৰহণ কৰ্; যেনে-"ভেটি খা"

to take; to receive

সক. ধা.

9.

আধাৰ হৈ ধাৰণ কৰ্; যেনে-"দোণটোবে আৰু মুঠিচেৰেক ধান খাব"

to hold

সক. ধা.

10.

মিল্; লাগ ধৰ্; যেনে-"খুটাটো চ'তিত নেখালে; "

to fit properly

অক. ধা.

11.

পতিত হ; অভিগমন কৰ্; অবৈধ সহবাস কৰ্; যেনে-"সি অজাতিত খালে"

to have unauthorised co- habitation

অক. ধা.

12.

প্ৰবৰ্ত্ত; জীবিকা উলিয়া; যেনে-"সি মাগি খাইছে"

to subsist by

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খা · অসমীয়া অভিধান