খৰ
khara
অৰ্থ
1.
খেৰ
straw
বি.
2.
শীঘ্ৰে বা বেগাই কাম কৰিব বা বুজিব পৰা; বুদ্ধিত চোকা; কামত বেগাল
quick; sharp
বিণ.
3.
বেগী; শীঘ্ৰে চলা; দ্ৰুতগামী
nimble; swift; rapid
বিণ.
4.
(পদ্য) তীক্ষ্ণ; ধাৰত চোকা; যেনে-"খৰ শৰৰাশি"
having a sharp edge or point
বিণ.
5.
প্ৰবল; যেনে-"খৰ বায়ু বহে ভূমি লৰে নিৰন্তৰ"
violent
বিণ.
6.
গাধ
an ass
বি.
7.
8.
এবিধ গছ; যেনে-"সৰল পিয়াল খৰ নিখৰ খৰ্জ্জুৰ" (মা.ক. সুন্দৰাকাণ্ড)।
বি.
9.
দদ্ৰু, গাৰ ছালৰ ওপৰত চকলা বা দমলা বান্ধি চাৰিওফালে বাঢ়ি ছাল ছিগি যোবা আৰু খজুবতি উঠা এবিধ ৰোগ [ইয়াৰ কেইবাজাতিও আছে; যেনে- চুৰ্চুৰীয়া খৰ, দবা-খৰ, মান-খৰ।]
the ring- worm
বি.
10.
গ্ৰহণী; তল পেট কামুৰি কামুৰি ঘনে ঘনে তেজ-সাঁও পৰা এবিধ ৰোগ
dysentery
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ