কাকতি
kākati
অৰ্থ
1.
চিঠি-পত্ৰ বা হিছাপ-কিতাপ লিখোঁতা, লেখাই যাৰ কাম
a writer; a clerk; a professional writer
বি.
সমাৰ্থক শব্দ
2.
আহোম ৰজাৰ দিনত মাটি, তাৰ উত ্পন আৰু পাইক আদিৰ লেখ-বুজ কৰা আৰু আন হিছাপ-কিতাপ ৰখা বিষয়া [দেশৰ এক খণ্ডত কাম কবা বিলাকক টাঙনি-কাকতী বুলিছিল, আৰু কেইবাজানো টাঙনি-কাকতীৰ ওপৰত এজন বৰকাকতী আছিল; কাকতীৰ প্ৰধান খেল সাতটা; যেনে-দুবৰা, চলিহা, নামতিয়াল, গজপুৰীয়া, অভয়পুৰীয়া, শলগুৰীয়া, টুকৰীয়া। কাকতী, কটকী, খাউণ্ড, ব'ৰাগী, এই চাৰি ঘৰ মানুহে আহোম ৰজাৰ দিনত সমান মানমৰ্য্যাদা পাইছিল]
a clerk or ministerial officer employed in the court of the Āhom Rājās
বি.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ