← ফুৰি যাওক

কলা

kalā

অৰ্থ

1.

কাণে নুশুনা; শ্ৰবণ-শক্তি-শূন্য

deaf

বিণ.

2.

কাণে নুশুনা মানুহ

a deaf man

বি.

3.

কৰ্দ্দম ঋষিৰ কন্যা; কশ্যপৰ মাক মৰীচিৰ ভাৰ্য্যা

the mother of Sage Kaśayapa

বি.

4.

কল

banana; plantain

5.

চন্দ্ৰৰ ষোল ভাগৰ এভাগ

one sixteenth part of the moon's disk

বি.

6.

বিদ্যা; নানা বিদ্যাৰ একোটা একোটা ভাগ; শিল্পবিদ্যা; . [কলা

practical art

বি.

7.

বিধৰঃ-

বি.

8.

নাচ

বি.

9.

গান

বি.

10.

বাদ্য

বি.

11.

উদক-বাদ্য

বি.

12.

নাট

বি.

13.

কুৰুপক সুৰূপ কৰা বিদ্যা

বি.

14.

নানা সাজ-পাৰেৰে সজা বিদ্যা

বি.

15.

নানা প্ৰকাৰৰ তিলক-ৰচনা

বি.

16.

দাঁত, কাপোৰ আৰু শৰীৰ-ৰঞ্জন

বি.

17.

চুলিৰ খোপা বন্ধা

বি.

18.

চুলি বন্ধা, আঁচোৰা আদি

বি.

19.

ফুলৰ শয্যা সজা

বি.

20.

মালা সজা

বি.

21.

তামোল-পাণ আদি সজা

বি.

22.

চিত্ৰ-বিদ্যা

painting

বি.

23.

মূৰ্ত্তি সজা

sculpture

বি.

24.

বিজয়-লাভ কৰা বিদ্যা

বি.

25.

উদ্ভিদ্-চিকিৎসা

বি.

26.

ৰান্ধনীৰ কাৰ্য্য

cookery

বি.

27.

ঘিউ, পায়সাদি প্ৰস্ত্তত কৰা

বি.

28.

বাঢ়ৈৰ কৰ্ম্ম

carpentry

বি.

29.

টাকুৰিত সূতা কটা

spinning

বি.

30.

বাঁহ বা বেত আদিৰ কাঠীৰে খাট আদি প্ৰস্ত্তত কৰা

বি.

31.

বিছনা-নিৰ্ম্মাণ

বি.

32.

কাপোৰত বেজীৰ বন কৰা

embroidery

বি.

33.

ল'ৰাৰ ধেমালিৰ বস্ত্ত প্ৰস্ত্তত কৰা

বি.

34.

অলঙ্কাৰ নিৰ্ম্মাণ

বি.

35.

পূজাৰ উপহাৰ সজা

বি.

36.

হীৰা কটা

বি.

37.

মণিভূমিকাকৰ্ম্ম (নানা প্ৰকাৰ মণি আৰু ধুনীয়া পাথৰেৰে কোনো সভা আদিৰ ঠাই সজোবা)

landscape; decoration

বি.

38.

বাস্ত্তবিদ্যা

town planning; engineering

বি.

39.

নানাবিধ মণিৰ ৰং চিনা

বি.

40.

ধাতুৰত্ন আদিৰ পৰীক্ষা

বি.

41.

খনি-বিদ্যা

mining

বি.

42.

ধাতু নিৰ্ম্মাণ বিদ্যা

metallurgy

বি.

43.

যাদুবিদ্যা (মন্ত্ৰ আদি কৰা)

magic

বি.

44.

এবিধ বস্ত্তৰ পৰিবৰ্ত্তে আন এবিধ উলিওবা বাজী

বি.

45.

আনে নেদেখাকৈ হাত চলাই বস্ত্তৰ পৰিবৰ্ত্তন কৰা

jugglery

বি.

46.

নানা মূৰ্ত্তি ধৰা

mimicry

বি.

47.

সূতাৰে চলোবা পুতলা-নাচ

বি.

48.

জন্ত্তৰ পোবালিৰ যুদ্ধ

বি.

49.

চৰাইক মাত শিকোবা

বি.

50.

পাশা, জুবা খেল আদি

game; gambling

বি.

51.

যাদুবিদ্যাৰে বস্ত্ত আকৰ্ষণ কৰি অনা

বি.

52.

অভিধান আদিৰ জ্ঞান

বি.

53.

শাস্ত্ৰজ্ঞান

বি.

54.

নানা ভাষাৰ জ্ঞান

বি.

55.

সমস্যা বা কাব্যৰ গুপ্ত অংশৰ পূৰণ

filling up dllipsis

বি.

56.

আঙুলিৰ সঙ্কেতেৰে অক্ষৰ-প্ৰকাশ

বি.

57.

বিধিমতে গ্ৰন্হপাঠ

বি.

58.

নাটক আদিৰ ৰচনা-জ্ঞান

বি.

59.

আনৰ মনৰ কথা কাব্যত প্ৰকাশ

বি.

60.

পাথৰ

বি.

61.

যন্ত্ৰমাতৱকা; পূজাৰ যন্ত্ৰ বা মণ্ডল আদি প্ৰস্ত্তত কৰা

বি.

62.

উদকঘাত বা পানী বন্ধন কৰিব পৰা বিদ্যা

বি.

63.

উৎসাদন (বসতিৰপৰা খেদাই দিয়া বিদ্যা)

বি.

64.

টান শব্দৰ অৰ্থ কৰা

বি.

65.

যি বিদ্যাৰে মেঘৰ বৰণ, বায়ুৰ গাত আদি দেখি ভবিষ্যতৰ কথা ক'ব পাৰি

বি.

66.

স্মৰণশক্তি বৱদ্ধি কৰা কৌশল

বি.

67.

এটা কাম নানা উপায়েৰে কৰাৰ কৌশল

বি.

68.

ছলনা-বিদ্যা

বি.

69.

যি বিদ্যাৰে বেতাল বা ভূত-পিশাচাদি বশ কৰিব পাৰি।]।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কলা · অসমীয়া অভিধান