কৰ
kara
অৰ্থ
নিৰ্ম্মাণ কৰ্; সাজ্; নোহোবাক হোবালৈ আন্; যেনে-"ঘৰ কৰ্; উপায় কৰ্; "
to make; to create; to perform
সক. ধা.
প্ৰকাশ কৰ্; যেনে-"ভয় কৰ্; গপ কৰ্"
to express; display
সক. ধা.
আৰ্জ্জন কৰ্; যেনে-"সম্পত্তি কৰ্; নাম কৰ্"
to earn
সক. ধা.
ব্যবসায় কৰ্; যেনে-"ওকালতি কৰ্"
to practise
সক. ধা.
সম্পন্ন কৰ্; সম্পাদ্; যেনে-"যাত্ৰা কৰ্; তীৰ্থ কৰ্; বিয়া কৰ্"
to accomplish
সক. ধা.
ৰচনা কৰ্; যেনে-"পদ্য কৰ্"
to compose; write
সক. ধা.
নিৰ্দ্ধাৰিত কৰ্; যেনে-"মোকৰ্দ্দমাৰ দিন কৰিলে"
to fix
সক. ধা.
কোনো কোনো বিশেষণক বিশেষ্যৰ লগত যোগ হৈ তাক ক্ৰিয়া-ভাবাপন্ন কৰে; যেনে-"বল কৰ্; অপমান কৰ্"।
সক. ধা.
কলি; যেনে-"ললিত বলিত যেন চম্পকৰ কৰ" (মা. ক.)
a bud
বি.
হাত
hand
বি.
হাতীৰ শুঁৰ; যেনে-"উৰু কৰিকৰ-সম সাক্ষাত" (কীৰ্ত্তন)
the trunk or proboscis of an elephant
বি.
গুৰু বা ৰজাক দিব লগীয়া ধন; ৰাজহ; শুল্ক
revenue or a tax, payable to a king or religious preceptor
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ