কতপা
katapā
অৰ্থ
1.
হেঁচি বা ভৰ দি কথা কোবা; দৱঢ় কৰি কোবা; শপত দি কথা কোবা বা আদেশ কৰা; যেনে-"নাৰদে দিলন্ত তিনি কতপা, নমানিব আক কোননো লপা" (কীৰ্ত্তন)
emphatic statement, advice or command
বি.
2.
হেঁচা খাই বা টানকৈ লাগি ধৰা; কাপ খাই ধৰা; যেনে-"ছালবোৰ শুকাই গছত এনে কতপা মাৰি ধৰিলে যে তাক এৰুবাবকে নোবাৰি"
being attached or fixed firmly
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ