অদ্ভুত
adbhuta
অৰ্থ
1.
আচৰিত; আগেয়ে নোহোবা
wonderful; unusual
বিণ.
2.
উৎপাত; স্বভাবৰ বিপৰীত ঘটনা; আশ্চৰ্য্য; আচৰিত কথা
unusual occurrence portending evil; anything strange
বি.
3.
নবম মন্বন্তৰৰ ইন্দ্ৰ (ভাগবত)।
বিণ.
4.
অদ্ভূত ৰস; কাব্যৰ এটা ৰস; যেতিয়া কোনো অসাধাৰণ পুৰুষৰ গুণ, মহিমাদি শুনি অন্তৰত বিস্ময়, দয়া, প্ৰেম, গদ্-গদ্ ভাব ইত্যাদি প্ৰকাশ হয়, তেতিয়া অদ্ভুত ৰসৰ সঞ্চাৰ হয়।
বিণ.
5.
পূত্ৰ কামনা কৰি দশৰথ ৰজাই কৰা যজ্ঞৰপৰা ওলোবা অদ্ভূত নামৰ পুৰুষ এজন; এবেঁই দিয়া পায়স খাই তেওঁৰ মাদৈসকল গৰ্ভবতী হয়।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ