← ফুৰি যাওক

একে

eke

অৰ্থ

1.

একৰ নিশ্চয় বা প্ৰবল অৰ্থ বুজুবা; ঠিক এক; যেনে -"একে কথাকে কিমান কৈ থাক; একেবাৰে"

one and the same; exactly one

বিণ.

2.

লগ বা সঙ্গ অৰ্থ বুজুবা; অবিলগ; যেনে-"একে ঘৰে; একেলগ"

together jointly

বিণ.

3.

একে স্বভাবৰ বা বিধৰ; যেনে-"একে ৰং; দুষ্টালিত দুয়ো একে"

same; similar; alike

বিণ.

4.

একে মাক-বাপেকৰ, গতিকে, নিজৰ; যেনে-"একে ভাই-ককাই

one's own

বিণ.

5.

তুল্য; সমান; যেনে-"একে বয়সৰ"

equal

বিণ.

6.

একমাত্ৰ; যেনে-"ই তিনি ভুবনেঃ অৰ্জ্জুনক যুঁজিবেকঃ একে প্ৰভু গোবিন্দত পৰে" (বিৰাটপৰ্ব্ব)।

বিণ.

7.

(পু. অ.) ক্ৰি. বিণ. এনেয়ে; যেনে-"একে পৰস্ত্ৰী আৰো মহাসতী" (কীৰ্ত্তন)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একে · অসমীয়া অভিধান