ঊনপঞ্চাশ্ বায়ু
ūnapañcāś, bāẏu
অৰ্থ
1.
(পু. অ.) ঊন্পঞ্চাশৎ বি. শাস্ত্ৰমতে উনপঞ্চাশ বিধৰ বায়ু-দেবতা [কশ্যপৰ ঔৰসত দিতিৰ গৰ্ভত ওপজা, ইন্দ্ৰই বজ্ৰেৰে দিতিৰ গৰ্ভ ঊনপঞ্চাশ খণ্ড কৰি কটাৰ বাবে একো একোটা গৰ্ভৰপৰা ঊনপঞ্চাশ বায়ুৰ জন্ম হয়]; যেনে-তাকো সাতখান কৰিলা গৰ্ভত। কান্দয় ছবাল হুয়া ঊনপঞ্চাশত" (মা. আদিকাণ্ড)।
2.
অতিপাত খং; অতি ঊত্ৰাবল ভাব; যেনে-"তেওঁৰ গাত আজি ঊনপঞ্চাশ বায়ু চৰিছে"
excessive anger or excitement
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ