উপ-
upa-
অৰ্থ
1.
উপসৰ্গ; শব্দত আগত যোগ হৈ হৈ অনেক অৰ্থ বুজায়; ওচৰ; যেনে-"উপকূল"।
2.
বিপৰীত; যেনে-"উপগত"।
3.
সৰু; সামান্য; যেনে-"উপগ্ৰহ"।
4.
সাহায্য; যেনে-"উপকৰণ"।
5.
বাহিৰা; উপৰুবা; গুপ্ত; যেনে-"উপপতি"।
6.
সৈতে; যেনে-"উপসৰ্গ"।
7.
হিত; যেনে-"উপকাৰ"।
8.
তুল্য; যেনে-"উপমা"।
9.
আৰম্ভ; যেনে-"উপক্ৰম"
10.
কম বা ন্যূন; যেনে-"উপক্ষণ"।
11.
মিছা বা কল্পিত; যেনে-"উপকথা"।
12.
কনিষ্ঠ; যেনে-"উপেন্দ্ৰ"। ইত্যাদি
a perfix denoting proximity likeness; inferiority; beginning etc.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ