← ফুৰি যাওক

সত্য

satya

অৰ্থ

1.

সঁচা। যথাৰ্থ

real; true

বিণ.

2.

সঁচা কথা

truth

বি.

3.

সজ আচৰণ; ধৰ্ম্মপণ; যেনে-"সত্যত খাকিবাঁ;"

reghteous conduct

বিণ.

4.

নিশ্চিত বিষয়; পৰীক্ষাৰে প্ৰমাণ কৰি স্হিৰ কৰা বিষয়; যেনে-"বিজ্ঞানৰ সত্য"

a verified fact or truth

বিণ.

5.

আদি যুগ; সত্য যুগ; . বি সত্যতা যথাৰ্থতা; সত্যকলীয়া বিণ. সত্য যুগৰ; অতি পুৰণি কালৰ; . সত্যনাৰায়ণ বি. বিষ্ণুব এটা স্বৰূপ; . সত্যনাৰায়ণ-সৰাহ, সত্য-সেবা বি. গধূলি সত্যনাৰায়ণৰ নাম লৈ কৰা সবাহ [এই সবাহত আন প্ৰসাদৰ বাহিৰে বিশেষকৈ পিঠাগুড়ি আৰুপঞ্চামৱত মিহলাই ঘোল তৈয়াৰ কৰি দিয়ে।] . সত্যনিষ্ঠ, সত্যপৰায়ণ বিণ, সত্যবাদী; সত্যানুৰাগী; সত্যবাদী বি. সঁচা কওঁতা; . স্ত্ৰী. সত্যবাদিনী বি. সত্যবাদিতা। সত্যভ্ৰষ্ট বি. সত্য কথা বা অঙ্গীকাৰ নৰখা; . সত্যযুগ বি. প্ৰথম যুগ তেতিয়া মানুহবিলাক সত্যত আছিল বুলি খ্যত; ইয়াৰ বছৰৰ সংখ্যা 17,28,000]; ; সত্যলোক বি. (হিন্দু) সাত্যেখন স্বৰ্গৰ নিচেই ওপৰৰখন [তাতে ব্ৰহ্মা থাকে।]; . সত্যাগ্ৰহ বি. সত্যৰ প্ৰতিষ্ঠাৰ কাৰণে দৱঢ় প্ৰতিজ্ঞা আৰু নিষ্ঠাৰে সৈতে কৰা চেষ্টা; (সাধাৰণ অৰ্থত) ধৰ্ম্মধট। সত্যব্ৰত বি. এজন সূৰ্য্যবংশী ৰজা।

the golden age ; prehistoric; ancient ; a form of Visnu ; a ceremony of worshipping Visnu ; a man who speaks the truth ; not stiking to truth or promise ; the golden age ; the uppermost of the seven heavenly regions of the Hindu myth

বিণ.

6.

সত্যনিষ্ঠ; সত্য- পৰায়ণ; যেনে-"তুমি সত্যব্ৰত: আপোনাৰ নিজ: বচনক সত্য কৰা" (বৰগীত)

firmly devoted to truth

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সত্য · অসমীয়া অভিধান