← ফুৰি যাওক

শিমলু-আলু

śimalu-ālu

অৰ্থ

1.

গছ-আলু; শিমলুৰ পাতৰ নিচিনা পাতেৰে এবিধ লতা-চানেকীয়া সৰু আৰু কোমল গছ [আন দেশত ইয়াৰ খেতি হয়; অসমত ইয়াৰ গছ টুকুৰা-টুকুৰ কৰি কাটি নকৈ তোলা ঢাপত গোঁজ পুতি বেৰ দিয়ে; তাত গুৰিৰপৰা ওলাই মাটিৰ তলত দীঘলীয়া আলু বাঢ়ে; আলু কেঁচায় বা সিজাই খায়; আমেৰিকা আদি দেশত সেই আলুৰ পিঠাগুৰি কৰে আৰু বটলত ভৰাই নানা দেশলৈ বিক্ৰীৰ কাৰণে পঠায়; তাক বোলে আৰু গাখীৰ বা পানীত সিজাই খায়; ইয়াৰ পাত এড়ি-পলুক খুবায়ঃ গছ কাটিলে আঠা ওলায় আৰু তাৰ ছালৰপৰা এবিধ ৰং তৈয়াৰ কৰে; পাটীদৈ আলুৰ গুৰি যি নিয়মেৰে তৈয়াৰ কৰে -ও সেই নিয়মেৰেই কৰে।]

Tapioca ; Tapioca ; cassava; Manihot utilisima

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ