লাগ্
lāg
অৰ্থ
1.
ছো; স্পৰ্শ কৰ্; যেনে-"গাত ৰ'দ লাগিছে"
to touch
অক. ধা.
2.
আংট খাই ধৰ্; সংযুক্ত হ; যেনে -"হাতখনত আঠা লাগিল"
to adhere; to be attached
অক. ধা.
3.
গাত পৰ্; আঘাত কৰ্
to hit
অক. ধা.
4.
উৎপন্ন হ; স্হিতি হ
to be produced; to occur
অক. ধা.
5.
গুটি ধৰ্; ফল ধৰ্
to bear fruits
অক. ধা.
6.
ভাল বা বেয়াৰূপে বোধ হ; যেনে-"ভাল লাগে"
to be felt
অক. ধা.
7.
উচিত বা আবশ্যকীয় হ; প্ৰয়োজন হ; যেনে-"কাম কৰিব লাগে"
to be needful or obligatory
অক. ধা.
8.
নিযুক্ত হ
to be engaged
অক. ধা.
9.
জলি উঠ্ (জুই)
to be kindled
অক. ধা.
10.
আবদ্ধ হ; যেনে-"বৰশীত মাছ লাগে"
to be caught or ensured
অক. ধা.
11.
সম্পৰ্কীয় হ; যেনে-"তেওঁৰে সৈতে তোমাৰ কি সম্বন্ধ লাগে"
to be related
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ