লয়
laẏa
অৰ্থ
1.
সুৰ আৰু তালৰ সঙ্গতি; গীত-বাদ্যৰ তাল, মান আৰু নাচৰ পৰস্পৰ মিল
harmony in singing and dancing
বি.
2.
নাশ; ধ্বংস
destruction
বি.
3.
[সং.] আশ্ৰয়; আস্হা; যেনে-"শুনা সভাসদচয়ঃ নেৰিবা শাস্ত্ৰৰ লয়ঃ হৰি-গুণ ভাগবত-সাৰ" (নামঘোষা)।
বি.
4.
দ্ৰব হৈ বা গলি আন এটাৰ লগত মিলি যোবা; লীন যোবা; একে লগ হোবা
fused and mixed with another substance; absorbed
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ