← ফুৰি যাওক

যোগ

yoga

অৰ্থ

1.

একত্ৰ কৰা কাৰ্য্য; মিল কৰা কাৰ্য্য; লগ লগোবা কাৰ্য্য

union; act of uniting or joining together

বি.

2.

দুই বা বেছি সংখ্যাৰ মুঠ উলিওবা কাৰ্য্য

addition; act of totalling

বি.

3.

এক চিত্তে ঈশ্বৰৰ চিন্তা; যেই সেই উপায়ে ঈশ্বৰত মন লগোবা কাৰ্য্য; যেনে-"কৰ্ম্ম-যোগ"; চিত্তবৱত্তিৰ নিৰোধপূৰ্ব্বক উপাসনা

বি.

4.

কৰ্ম্মৰ কৌশল; উপায়

বি.

5.

কোনো বিশেষ মাহ আৰু বাৰত কোনো বিশেষ তিথি আৰু নক্ষত্ৰৰ মিলন

a particular astronomical junction of stars and days

বি.

6.

সমভাব; সিদ্ধি-অসিদ্ধিত সমভাব; যেনে-"যাতো সমভাবক যোগ বুলি কহে" (ক. গী.)।

বি.

7.

যোগ্য; যেনে-"পৰম পাপিনী দেখিবাক নোহে যোগ" (মা. ক., অযোধ্যাকাণ্ড)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যোগ · অসমীয়া অভিধান