মণ্ডল
maṇḍala
অৰ্থ
1.
চক্ৰ; বিস্তৱত আকাৰৰ ঘূৰি থকা ঘূৰণীয়া বস্ত্ত; যেনে-"ভূমণ্ডল; বায়ু-মণ্ডল"
a circle; an orb; a sphere
বি.
2.
জল-বায়ু অনুসৰি ভাগ কৰা পৱথিবীৰ একোটা ডাঙৰ খণ্ড বা বিভাগ; যেনে-"গ্ৰীষ্মমণ্ডল"; . চন্দ্ৰ-সূৰ্য্যৰ চাৰিওফালে থকা ৰশ্মিৰ বেৰ; মড়ল; যেনে-"শ্বেত ছত্ৰ জ্বলে যেন চন্দ্ৰৰ মণ্ডল" (মা. ক., অযোধ্যাকাণ্ড)
a zone ; the halo of light round the sun and moon
বি.
3.
ঘূৰণীয়া গতি; যেনে-"মহা শ্ৰমে দুয়োঃ খৰ্গ চৰ্ম্ম ধৰিঃ ফুৰয় কৰি মণ্ডল" (লঙ্কাকাণ্ড)
circular motion
বি.
4.
কোনো একখণ্ড দেশৰ মাটি বন্দবস্ত আৰু খাজনা-সম্পৰ্কীয় কাৰ্য্য কৰা বিষয়া
a fiscal officer in charge of a circle or lot
বি.
5.
বৱষ ৰাশিৰ ওচৰত থোপা বান্ধি থকা সাতোটা তৰা
the Pleiades
বি.
6.
মণ্ডলী।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ