← ফুৰি যাওক

বাহ

bāha

অৰ্থ

1.

খেৰ-কুটা আদিৰে সজা চৰাই, মৌ আদি থকা ঠাই

a nest; a bee-hive

বি.

2.

বস্ত্ত ৰখা, ঢাকনি থকা সঁজুলি; যেনে-"জুইবাহ"

a small case

বি.

3.

ফলৰ শাহ ঢকা আবৰণ

the shell of a nus, etc.

বি.

4.

মুখৰপৰা আঁহ উলিয়াই পোকে সজা আবৰণ (মুগা আদিৰ)

a cocoon

বি.

5.

ওহাৰ; যেনে-"পিঠিত কলহ বহে হাতী যেন বাহ" (ৰুক্মিণীহৰণ)

বি.

6.

জাক; যেনে-"মৌবাহ উৰিলে"

a crowd

বি.

7.

জাকৰুবা; একেলগে গোট খাই থকা; যেনে-"বাহ গৰখীয়াৰ হাই"

many; consisting of a large number

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ