বান্ধ্
bāndh
অৰ্থ
1.
আবদ্ধ বা বন্ধন কৰ্; গাঁঠি লগা; অলৰ বা লৰচৰ কৰিব নোবৰা কৰ্; আটকি ৰাখ্
to tie; to fasten; to make firm; to confine
সক. ধা.
2.
মাটি তুলি প্ৰস্ত্তত কৰ্
to construct, as a road
সক. ধা.
3.
ধাতুৰ পাতেৰে ঢাক্
to cover with metallic leaf
সক. ধা.
4.
কণী খুন্দি নপুংসক কৰ্ (দমৰা গৰু)
to castrate (as a bull)
সক. ধা.
5.
চিন বহ্; যেনে-"অৰ্দ্ধেক ভৰিৰ খোজ হেৰা আছে বান্ধি"। (কীৰ্ত্তন); . বি. গাঁঠি; বন্ধন; আটক হোবা অবস্হা; আটক কৰা কাৰ্য্য
to be impressed as a mark ; to tie; a knot; confining
অক. ধা.
6.
ভেটা
an embankment
বি.
7.
মন বা শৰীৰৰ স্বাভাবিক অবস্হা বা গঠন
physical constituiton; natural condition of the body or mind
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ