অক্ষুণ্ণ
akṣuṇṇa
অৰ্থ
1.
অব্যৰ্থ; সফলমনোৰথ
not disappointed
বিণ.
2.
সুস্হ; ক্ষীণ নোহোবা; যেনে-অক্ষুণ্ণ শৰীৰ
healthy sound
বিণ.
3.
অলপো নকমা; পূৰ্ণ; অটুট; যেনে- অক্ষুণ্ণ প্ৰতাপ
undiminished; full
বিণ.
4.
সদায় একেদৰে থকা; অখণ্ড; সম্পূৰ্ণৰূপে বলবৎ থকা; যেনে-নানা কাৰণে সন্ধি অক্ষুণ্ণ নেথাকিল।
বিণ.
5.
অনুশীলন বা চৰ্চ্চা নোহোবা; ভেদ নভগা; যেনে-বিজ্ঞানৰ অক্ষুণ্ণ জ্ঞান- ভাণ্ডাৰ
unexplored; not studied
বিণ.
6.
অবিকৱত; পৰিবৰ্ত্তন নোহোবা; যেনে-দুয়োৰে ভিতৰত অক্ষুণ্ণ প্ৰেম আছিল।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ