ধৰ্
dhar
অৰ্থ
গাত ৰাগি লাগ্; পোৰণি বা বেদনা জন্মা
produce sensation, intoxication or pain
অক. ধা.
ভিতৰ সোমাই থাকিবৰ কাৰণএ ঠাই পা; যেনে-"ইমান চাউল পাচিত নধৰে"
to have enough room to be contained in
অক. ধা.
আৰম্ভ কৰ্
to begin
অক. ধা.
ফল-স্বৰূপে দেখা দি; যেনে-"শিক্ষাৰ ফল নধৰিলে"
to appear, as a result
অক. ধা.
আধাৰ-স্বৰূপে ধাৰণ কৰ্ বা ঠাই দি
to hold
সক. ধা.
গ্ৰহণ কৰ্; হাতেৰে ল
to accept; to catch
সক. ধা.
আটক কৰি বা বান্ধি ৰাখ্; যেনে-"জৰীয়া নাও ধৰি আছে"
to catch hold of
সক. ধা.
লুকাই কাম কৰোঁতে দেখ্ বা আটক কৰ্; উলিয়া বা বিচাৰি পা
to seize; to detect
সক. ধা.
মান্; সঁচা বুলি বিশ্বাস কৰ্; যেনে-"তাৰ কথা মনে নধৰে"
to credit
সক. ধা.
আক্ৰমণ কৰ্; যেনে-"তাক ৰাগিয়ে ধৰিছে; বিষে ধৰিছে; ভূতে ধৰিছে"
to attack
সক. ধা.
সাবধানতা ল; চলা; যেনে-"ঘৰ ধৰ্"
to manage
সক. ধা.
জলা; যেনে-"জুই ধৰ্"
to kindle
সক. ধা.
উৎপন্ন কৰ্ (ফল বা ফুল)
to produce, as flowers or fruits
সক. ধা.
কোনো বস্ত্ত বা উপকাৰ পাবলৈ খাট্; খোজ্; যেনে-"ছোবালী ধৰ্"
to ask for something
সক. ধা.
উচ্চাৰণ কৰ্; মুখতল; যেনে-"নাম ধৰ্"; . কৱদ
to utter
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ