তোল্
tol
অৰ্থ
দাং; থিয় কৰ্; ওপৰলৈ উঠা; উন্নত কৰ্; উদ্ধাৰ কৰ্
to raise; elevate; to promote; to deliver
সক. ধা.
ডাঙৰ-দীঘল কৰ্
to bring up, as a child
সক. ধা.
উভাল্; উঠাই দি; ধ্বংস কৰ্
to uproot; to abolish; to destroy
সক. ধা.
গোটা; সংগ্ৰহ কৰ্
to collect; to realize
সক. ধা.
(পু. অ.) মুখৰপৰা উলিয়া; যেনে-"তোলয় উদ্গাৰ কতো দশন প্ৰকটি" (দশম)
to utter; to give out
সক. ধা.
পূৰ কৰ্; হানি পূৰা; যেনে-"হোৰ তোল; "
to make up; to compensate
সক. ধা.
আলোচনাৰ বাবে উলিয়া; দাঙি ধৰ্; প্ৰস্তাব কৰ্
to introduce; to propose
সক. ধা.
বাছ্; সাজ্; যেনে-"কাপোৰত ফুল তুলিছে"
to make; to embroider
সক. ধা.
প্ৰচাৰ কৰ্; যেনে-"জনৰব তুলিছে"
to spread
সক. ধা.
আগ বঢ়াই আন্; বিহিত-নিয়ম পূৰ্ব্বক উপস্হিত কৰা; যেনে-"বৰবৰুবাই কটকী তুলিবলৈ স্বৰ্গদেবলৈ সুধি পঠালে" (বুৰঞ্জী)
to receive formally
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ