← ফুৰি যাওক

জাল

jāla

অৰ্থ

1.

জলা; ফুটা; বিন্ধা; যেনে-"কুন্দ্ৰাক্ষৰ জালে ভৈলা ঘৰৰ বাহিৰ" (কুমৰ-হৰণ)।

বি.

2.

পহু. চৰাই, মাছ আদি ধৰিবলৈ জৰীৰে বিন্ধা ৰাখি ৰাখি গুঁঠি কৰা এবিধ যতন

a net

বি.

3.

জালৰ নিচিনা অন্য বস্ত্ত; যেনে-"মকৰাৰ জাল"

anything like a net

বি.

4.

চকুৰ মণিত পৰা পাতল মল; চকুৰ মণি ছাটি ধৰা মল

a kind of thin membrane of the eye obstructing the vision

বি.

5.

লোকক ঠগিবলৈ অনুকৰণ

forgery

বি.

6.

কৱত্ৰিম

forged; counterfeit, fraudulant

বিণ.

7.

তাঁত বওঁতে মাকো মাৰিবলৈ গৰকাত হেঁচি দুভাগ বা দুফাল কৰা দীঘ সূতাবিলাক; কাপোৰ বোবাৰ মোৰ

an intersection of the warp

বি.

8.

প্ৰসবৰ তিনি দিনৰ দিনা পোবাঁতী তিৰোতাক খুউওবা কচু আদিৰ জলা আঞ্জা

a hot or pumgent curry made of arum-plant and pepper, etc., and given to a woman on the third day of her child- birth

বি.

9.

খাওঁতে বা গাৰ ছালত লাগিলে পোৰণি উঠা গুণ; পোৰণি

pungency; scridness; burning sensation

বি.

10.

বস্ত্ত সিজাবলৈ দিয়া জুইৰ তাপ

heat of fire applied in cooking things

বি.

11.

ৰাগী

intoxication; drowziness

বি.

12.

কিৰণ; তাপ; যেনে-"শিশিৰ শুষিব তোক ৰাম-ৰবি-জালে" (মা. ক., অৰণ্যকাণ্ড)

ray of light; heat

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ