চক্ৰ
cakra
অৰ্থ
1.
মণ্ডল, ঘূৰণীয়া চকৰিৰ আকাৰৰ বস্ত্ত; ৰথৰ ঘিলা
a circle; a cycle; any revolving thing; a wheel of a chariot
বি.
2.
কুমাৰৰ চাক
a potter's wheel
বি.
3.
আঙুলিৰে ঘুৰাই প্ৰহাৰ কৰা দাঁতিত ধাৰ থকা এবিধ অস্ত্ৰ
a discus; a circular missile-weapon
বি.
4.
ৰাশি-চক্ৰ
Zodiac
বি.
5.
দেশৰ এক খণ্ড
a division of a country
বি.
6.
তন্ত্ৰমতে দেহৰ ভিতৰত থকা ঘূৰণীয়া বস্ত্ত; যেনে -"দেহে যে আছয় চাৰি চক্ৰ নিৰুপম" (মিশ্ৰ-গীতা)।
বি.
7.
চক্ৰব্যূহ; যেনে -"জয়ক ইচ্ছায় চক্ৰমধ্যে খেদি যায়" (শান্তিপৰ্ব্ব)।
বি.
8.
বঞ্চনা; কূট কৌশল; চক্ৰান্ত
fraud; machination
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ