কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পঁড়িতpo~.ritProper Adj.
যথেষ্ট পঢ়া শুনা আৰু অধ্যয়নৰ পৰা (কাৰিকৰী বিষয়ৰ ক্ষেত্ৰত ইয়াৰ লগতে অনুশীলনী)অৰ্জা জ্ঞানৰ লগতে চিন্তা চৰ্চা কৰিব পৰা আৰু বোধশক্তিত চহকী লোক ৷ জ্ঞানী বা পণ্ডিত লোকৰ সৈতে জড়িত |
having a lot of knowledge and wisdom gained after serious studies and understanding- e.g. a learned professor; connected with or for learned, scholarly people-e.g. a learned response/journal
- পঁয়ালগাpo.~ya.lo.gaProper Adj.
কমকৈ বঢ়া, আশাকৰা পৰিমানে নবঢ়া
low growth then expected
- পংকময়pong.ko.moyAdjective Adj.
বোকাই ঢাকি ৰখা বা বোকাৰে পৰিপূৰ্ণ।
covered in or full of mud (of a surface or solid object).
- পংকাকুলpong.ka.kulProper Adj.
বোকাৰে আৱৰি থকা।
covered with mud.
- পংকিলpong.kilAdjective Adj.
বোকাই ঢাকি ৰখা বা বোকাৰে পৰিপূৰ্ণ।
covered in or full of mud (of a surface or solid object).
- পংগুpong.guProper Adj.
শাৰীৰিক (অথবা মানসিক) ভাৱে বাধাগ্ৰস্ত, যেনে কলা, কণা, হাত-ভৰি ভঙা আদি
Limited in any physical (or mental) abilities, like blindness, hearing impairment , amputation etc
- পইতাpoi.taProper Adj.
পাছদিনা খাবলৈ বুলি পানী দি থোৱা ভাত
Left over food, immersed in water for the next day
- পকনীpakanīAdjective
খহু বা পক ধৰোবা
a suppurative
- পকা থেকেৰাpo.ka the.ke.raProper Adj.
ৰঙাৰে সৈতে মিহলি বগা (মানুহৰ বৰণত খাটে)
freshly or healthily red complexion of a person
- পকা-চুলীয়াpo.ka-su.li.yaProper Adj.
বয়সৰ চিন হিচাপে বগা বা ধোঁৱা-বৰণৰ চুলিৰ
showing characteristics of age, especially having grey or white hair
- পকাই-খোবাpakāi-khobāAdjective
পকিলেহে খাবৰ উপযুক্ত
eatable or good to eat when ripe
- পকীpakīAdjective
ইটা বা শিলেৰে সজা; পকা
built of brick or stone
- পকীয়াpakīẏāAdjective
পাক থকা; মেৰ থকা
twisted
- পকীয়া- পকি, পকোবা-পকিAdjective
বহুত পাক বা ভাঁজ থকা; বেঁকা-বেঁকি
not strainght; zigzag
- পকীয়াপকিpo.ki.ya.po.kiProper Adj.
ইংৰাজী W বা M আখৰটোৰ আকৃতিৰ, চিধা নোহোৱা কোনো ৰেখা, বাট বা আৰ্হি| পাহাৰীয়া পথৰ দৰে
A line, road or pattern which makes alternate repeated sharp turns, loooks like a series of the English letter W or M as it bends to the left and then to the right again
- পকোবাAdjective
কৱদ.
- পকোবাpakobāAdjective
পাক থকা; পাক লগা
twisted
- পকোৱাpo.ko`.waVerbal Adj.
হাতেৰে পাক লগাই লিখা (আখৰ)
Writing with joined characters
- পকোৱাপকিpo.ko`.wa.po.kiProper Adj.
ইংৰাজী W বা M আখৰটোৰ আকৃতিৰ, চিধা নোহোৱা কোনো ৰেখা, বাট বা আৰ্হি| পাহাৰীয়া পথৰ দৰে
A line, road or pattern which makes alternate repeated sharp turns, loooks like a series of the English letter W or M as it bends to the left and then to the right again
- পক্কpok.koProper Adj.
সম্পূৰ্ণকৈ বঢ়া বা পূৰাকৈ গঠন হোৱা
full grown, fully developed