কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শোভৰ আসুধিśobhara, āsudhiNoun
শোব ৰোগৰ দৰব; একো গুণ নথকা দৰব; যেনে-"হৰি হৰি বুলি মাত্ৰঃ নভৈল একোৰে পাত্ৰঃ যেনে ভৈল শোভৰ আসুধি" (কীৰ্তন)।
- শোষকNoun
শোহোঁতা; বিণ. শোষিত আনে শুহি ৰস নাইকিয়া কৰা।
- শোষকতাAbstract Noun
বস্তু এটাৰ ধৰ্ম যিয়ে শৰীৰে শোষণ বা শোষণ কৰিব পৰা আঘাতপ্ৰাপ্ত বিকিৰণৰ অংশ নিৰ্ধাৰণ কৰে৷
the property of a body that determines the fraction of incident radiation absorbed or absorbable by the body.
- শোষণNoun
শোহা কাৰ্য্য।
- শোষণ-মাপAbstract Noun
কোনো বস্তুৱে শোষণ কৰা পোহৰৰ পৰিমাণ
a measure of the quantity of light absorbed by a sample
- শোষণকাৰীxo`.xon.ka.riCommon Noun
যি কোনো ব্যক্তি বা সমষ্টিৰ পৰা ধন অথবা শ্ৰম এনেদৰে কাঢ়ি লয় যে তেওঁলোকে কষ্ট ভোগ কৰিব লগীয়া হয়৷ এনে কাৰ্য্য বল প্ৰয়োগ কৰি বা নকৰি আৰু আইনগত ভাৱে বা বেআইনীভাৱে কৰা হ’ব পাৰে৷
one who extracts money or labour from another person or group of people to an extent that they suffer. The act may be by force or without force, also it can be per law or unlawful.
- শোহনNoun
শোহা কাৰ্য্য।
- শোহনিNoun
শোহা কাৰ্য্য।
- শোহনি বনxo`.ho.ni bonCommon Noun
শাক জাতীয় গছ৷ মূখৰ ভিতৰত ঘাঁ বা জিভাত গুটি উঠিলে ফুল টো চোবাই লগালে ভাল হয় ৷ পাত বোৰ শাকৰ দৰে খাব পাৰি।
Acmella oleracea is a species of flowering herb in the family Asteraceae. Common names include toothache plant, paracress and electric daisy. In Brazil it is called jambu.
- শোহনীśohanīAdjective
শোহা; ৰস টানি শুকোবা
sucking; drying
- শোহনী কাগজxo`.ho.ni ka.gojMaterial Noun
কেঁচা আখৰৰ চিয়াহী টুকি আখৰ শুকুওৱা কাকত ।
Absorbent paper used to dry ink.
- শোহাśohāNoun
এবাৰ হোপা মাৰিলে মুখলৈ যিমান জুলীয়া বস্ত্ত যায় সিমান পৰিমাণ
quantity drunk at one time; a draught
- শোৰśoraNoun
গাৰ তেজত পানী অধিক হৈ গা বা তাৰ কোনো অঙ্গ উখহা ৰোগ; জলন্ধৰ
dropsy
- শোৱনxo.wonVerbal Noun
নিদ্ৰা যোৱা কাৰ্য্য বা তাৰ ধৰণ
the act or mode of sleeping
- শোৱনী ঘৰxo’.wo.ni ghorMaterial Noun
ঘৰৰ যি কোঠালিত ৰাতি শোৱা হয়৷
The room of a house where sleep at night, having mainly the sleeping bed.
- শোৱা ঘৰxo’.wa ghorMaterial Noun
ঘৰৰ যি কোঠালিত ৰাতি শোৱা হয়৷
The room of a house where sleep at night, having mainly the sleeping bed.
- শোৱা সময়xo`.wa xo.moyAbstract Noun
শুবৰ বাবে বিছনালৈ যোৱা সময়৷
the time to go to bed to slip.
- শোৱা-কোঠাxo’.wa-ko’.thaMaterial Noun
ঘৰৰ যি কোঠালিত ৰাতি শোৱা হয়৷
The room of a house where sleep at night, having mainly the sleeping bed.
- শোৱাপাটীxo`.wa.pa.tiMaterial Noun
শুবলৈ যতন কৰা এখন আসন; বিশেষত কাঠেৰে বনোৱা দেখা যায়|
A piece of furniture that provides a place to sleep.
- শৌচśaucaNoun
মলত্যাগ; মলত্যাগ কৰি শুচি হোবা
act of evacuating bowels