কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কলৰ আষিko.lor a.xiCommon Noun
কলৰ থোক এটাত একেলগে থকা ৩ ৰ পৰা ২০ টা কলৰ সমষ্টি
A CLUSTER OF 3-20 BANANAS IN A BANANA STEM
- কলৰ ঠোকko.lor tho’kCommon Noun
কলগছৰ পৰা ওলমি থকা কলৰ সমষ্টি
The handing cluster of bananas from a banana tree.
- কলৰবkalarabaNoun
কোৰ্হাল; বহুত মানুহে কৰা হাই-উৰুমি।
- কলৰৱko.lo.rowAbstract Noun
চিয়ঁৰ-বাখৰ, শৃঙ্খলাহীন আৰু বিমোৰত পৰা এক অৱস্থা
a state of commotion and noise and confusion; violent agitation
- কশkaśaNoun
কষটি; যেনে-"উত্তম কশত যেন সুবৰ্ণৰ ৰেখা।" (ভাগবত
- কশাkaśāNoun
চাবুক
a whip
- কশেৰুko.xe.ruMaterial Noun
জঁকাটোৰ মূলদণ্ড ৰূপে কাম কৰা আৰু মেৰুৰজ্জাক আঘাতৰ পৰা ৰক্ষা কৰি থকা কেতবোৰ হাড়ৰ এক লানি
the series of vertebrae forming the axis of the skeleton and protecting the spinal cord
- কশেৰুকাko.xe.ru.kaMaterial Noun
জঁকাটোৰ মূলদণ্ড ৰূপে কাম কৰা আৰু মেৰুৰজ্জাক আঘাতৰ পৰা ৰক্ষা কৰি থকা কেতবোৰ হাড়ৰ এক লানি
the series of vertebrae forming the axis of the skeleton and protecting the spinal cord
- কশ্মলAbstract Noun
ধৰ্মীয় বা নৈতিক বিধি-বিধান উলঙ্ঘা কৰা কোনো কাৰ্য্য, বিশেষকৈ যদি ই ইচ্ছাকৃত হয়।
A transgression of a religious or moral law, especially when deliberate.
- কশ্যপkaśyapaNoun
এজন প্ৰধান ঋষি; মৰীচিৰ পুত্ৰ; ব্ৰহ্মাৰ নাতি; দেবাসুৰৰ পিতৱ [তেওঁক অনেক জাতি হিন্দুৰ আদিপুৰুষ বুলি কয়]
a great sage; the father of the gods and the demons and, in fact, of all living beings
- কশ্যপনন্দনko.syop.non.donProper Noun
মানুহৰ দৰে হাত-ভৰি আৰু ঈগলৰ দৰে ঠোঁট আৰু ডেউকা থকা এজন দেৱতা ৷ ইয়াক চৰাইৰ ৰজা বুলি কোৱা হয় আৰু সাপ খায় ৷ বিষ্ণুৰ বাহন ৷
A supernatural eagle-like being that serves as Vishnu's mount. It has body like human being with beak and wing similar to the Eagle. It is known to be the king of birds and eats snakes.
- কষkaṣaNoun
কষটি; যেনে-"উত্তম কশত যেন সুবৰ্ণৰ ৰেখা।" (ভাগবত
- কষটিkaṣaṭiNoun
এবিধ সোণ পৰীক্ষা কৰা ক'লা শিল [ভাল সোণ হ'লে ইয়াত ঘঁহিলে চক্চকীয়া দাগ বহে।]
a stone for testing gold; a touch-stone
- কষটি শিলko.xo.ti xilMaterial Noun
যিকোনো তলখাপৰ পদাৰ্থকে সোণলৈ পৰিৱৰ্তন কৰিব পাৰে বা মানুহৰ ভাগ্য চিৰকাললৈ ভাল কৰিব পাৰে বুলি অতীতত মানুহে ভবা এক কাল্পনিক দ্ৰব্য৷
an imaginary substance that could change any baser matel into gold or could make people's life better.
- কষটি-শিলাko.xo.ti-xi.laMaterial Noun
সোণ পৰীক্ষা কৰা শিল।
a piece of fine-grained dark schist or jasper formerly used for testing alloys of gold by observing the colour of the mark which they made on it.
- কষাkaṣāNoun
চাবুক
a whip
- কষ্টkaṣṭaNoun
দুখ; ক্লেশ; যাতনা
pain; sorrow
- কষ্ট-সহিষ্ণুতাkos.to-xo.his.nu.taAbstract Noun
দুখ-কষ্ট সহি থাকিব পৰা গুণ।
ability to tolerate pain and hardship.
- কষ্টদানkos.to.danVerbal Noun
অনুগ্ৰহ বা দয়াৰ অভাৱ
the state of being regarded unfavorably
- কষ্টাkaṣṭāNoun
কঁকালত পিন্ধা চুটি বা ঠেক কাপোৰ; কাছুটি
a small waist-cloth